পৃষ্ঠা:ভ্ৰম-ৰঙ্গ.djvu/৯

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
 

প্ৰকাশকৰ নিবেদন।

 “ভ্ৰম-ৰঙ্গ” নাটক খনি প্ৰথমে ছপা হোৱাৰ আজি প্ৰায় পঞ্চাশ বছৰ হল। বৰ্ত্তমানত এই নাটকখনি পাবলৈ নাইকিয়া হৈছে। এই পুৰণি কিতাপখন ছপাই ৰাইজৰ আগত দাঙি ধৰোতে লিখক সকলৰ যৎকিঞ্চিত চিনাকি দিয়াই এই নিবেদন প্ৰধান উদ্দেশ্য।

 নাটকখনি মহাকবি চেক্সপিয়েৰৰ Comedy of Errorsৰ সহজ ভাঙনী। ভাঙনী কৰিছিল চাৰিজন কলেজত পঢ়া অসমীয়া ছাতৰে। যি যুগত এই ভাঙনী উলিৱা হৈছিল সেই যুগটো অসমীয়া ভাষা আৰু অসমীয়া জাতিৰ পক্ষে বৰ দুৰ্দ্দিন আছিল। তেতিয়া স্কুল কাছাৰিৰ বৰঘৰৰ বৰপীৰাত বহিবলৈ ঠাই পাইছিল বঙ্গলা ভাষাই। অসমীয়া ভাষাৰ ঠাই আছিল বাজ চোতালৰ ডুখৰি পীৰাত।

 শিক্ষাই চকু মুকলি কৰা, কলিকতাত পঢ়া ডেকাসকলৰ অসমীয়া ভাষাক ন্যায্য ঠাই দিয়াৰ প্ৰয়াসেই “ভ্ৰম-ৰঙ্গ" নাটক প্ৰকাশৰ ঘাই কাৰণ। কলিকতীয়া ছাতৰ সকলেই মাহেকীয়া আলোচনী “জোনাকী” আৰু “বিজুলী” উলিয়ায়, আলোচনী কেইখনৰ নিমিত্তে প্ৰৱন্ধ লিখিবলৈ লগৰীয়া ছাতৰ বন্ধুসকলক বাধ্য কৰে। তেওঁলোকৰ চেষ্টাৰ ফলত আধুনিক অসমীয়া ভাষাৰ বহুত উন্নতি হৈছে। আজিৰ অসমীয়া সেই কালৰ কলিকতীয়া ছাতৰ সকলৰ ওচৰত বিশেষ ৰূপে ঋণী।