পৃষ্ঠা:ভ্ৰম-ৰঙ্গ.djvu/৮৩

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
[ ৫৫ ]


কামপুৰীয়া কলিমনৰ প্ৰবেশ।

 কা, কলি—দেউতা! এখান জাহাজ পোৱা হৈছে। গৰাকীলৈ আৰু আপোনালৈ হে ৰৈ আছে। আমাৰ তালি- টোপোলা সোপাকে তুলি-মেলি থৈ আহিছো। জাহাজ মেলিবৰ সময় হৈছেই। আপোনালোকে মাথোন উঠিব গৈ হে লাগে।

 মা, নিৰণ—কি অ বলিয়া! কি জাহাজ মোলৈ ৰৈ আছে?

 কা, কলি—কিয়! আপুনি যি জাহাজ বিচাৰিবলৈ পঠিয়াইছিল।

 মা, নিৰণ——মতলীয়া গোলাম! মই তোক জৰী এগছলৈ হে পঠিয়াইছিলোঁ।

 কা, কলি—দেউতা! আপুনি মোক এতিয়াই জৰীলৈ পঠিয়ালে নে? ( ডিঙ্গি দেখুৱাই )। মোক জাহাজৰ ভূ লবলৈ হে পঠাইছিল।

 মা, নিৰণ—যা, যা, এতিয়া মই তোৰে সৈতে চুপতি নকৰোঁ। মই আহৰি পালে ভালকৈ মোৰ কথা শুনিবলৈ তোৰ কাণ দুখানক শিকাম! তৰাৰ বায়েকৰ তালৈ লড়ি যা; এই কাঠীটো দি ধনৰ মোনাটো খুজিছে বুলি কবি। আৰু কবি, বাটত মই বন্দী হৈ ৰৈ আছোঁ ধন দি পঠিয়ালে হে মুকলি হৈ যাব পাৰিম। (কলিমনে ইমুখ সিমুখ কৰে) গোলাম! তই