থাকিব। অনুগ্ৰহ কৰি এওঁক ৰূপ কেটকা দি বিদায় কৰি দিয়ক, যাবলৈ ৰৈ আছে।
মা, নিৰণ—মোৰ লগত তো এতিয়া ধন অহা নাই; আৰু মোৰ এই ফালে অলপমান সকাম আছে, মই যাব লাগে; তুমিয়েই এওঁক মোৰ ঘৰলৈ লৈ যোৱাঁ, হাৰ-গছ আমাৰ ঘৰৰ ঘৈণীৰ হাতত দি টকা লৈ এওঁৰ ধাৰ মাৰিবা। মই তোমালোকেৰে সৈতে কিজানি একে লগেই ওলাওঁ গৈ।
সোণেশ্বৰ—তেনেহলে হাৰ-গছ আপুনিয়েই দিব গৈ।
মা, নিৰণ—নহয়, তুমিয়েই লৈ যোৱাঁ, মই জোখৰ বেলিত নাপওঁগৈ কিজানি।
সোণেশ্বৰ— বাৰু ময়ে নিওঁ। হাৰ-গছ আহিছে জানো লগত।
মা, নিৰণ—মোৰ হাতত নহলেও তোমাৰ হাততে থাকিব পায়। নহলে তুমি কি জানি সুদা মুখে উভতি আহিব লগাত পড়িব।
সোণেশ্বৰ—নহয়, বুজিছেনে আপুনি সেইবোৰ কথা এড়ক; হাড়-গছ দিয়ক, ভদ্ৰলোকজন ৰৈ আছে। যাবলৈ বতৰ ভাল হৈছে; মই হে ইমান পৰ ৰাখি থৈছোঁ।
মা, নিৰণ—কি হেঁ! কথাত ৰব নোৱাৰি এইখান কি ফাং-ফুং গোৱাঁ। হাৰ-গছ ননাৰ বাবে মই তোমাক দুএষাৰ কবৰ চাৰি, দন্দুৰী তিৰোতাৰ দৰে আগেয়ে তুমি হে আকৌ বাজি উঠিছা। বাজিব লাগে টেমি-কটাৰি বাজিছে হাচতি।