মায়াপুৰীয়া নিৰঞ্জন আৰু মা, কলিমনৰ প্ৰবেশ।
কোটোৱাল— সেইফেৰা দুখ কৰিব নলগাই হল, সৌৱা তেওঁ আহিছেই।
মা, নিৰণ—(মা, কলিলৈ চাই) মই সোণাৰিৰ তালৈ যাওঁ মানে তই যা, জৰী এগছ কিনি আনগৈ। আজি দুপৰীয়া ঘৰলৈ যাওঁতে দুৱাৰ মাৰি থোৱাৰ বাবে তোৰ আয়েৰক আৰু তাইৰ মন্ত্ৰী কেজনীক খুঁটাত বান্ধি লম। অ সৌটো সোণাৰিক দেখা পাইছোঁয়েই। তই যা, জৰী গছ কিনি লৈ ঘৰত মোক দিবি গৈ।
মা, কলি—মই যিটো মানুহে এই খন হাতেৰে বছেৰেকত হাজাৰ টকা ভাঙ্গোঁ, এতিয়া জৰী-এগছ কিনিবৰ পালত পড়িলোঁহি!
[ প্ৰস্থান।
মা, নিৰণ—তোমাক খটাত কৈ কুঁজাত খটাই ভাল। মই তোমাক কৈ আহিলোঁ, হাৰ-গছ লৈ আহিবা, হাৰ যে নায়েই মানুহটোকো দেখা পাবলৈ নাই। আগলৈকো কেতিয়াবা মিতিৰ ৰাখিব লাগিব বুলি এতিয়াই তাৰ মুৰ মাৰিলা।
সোণেশ্বৰ—থওক, থওক, আপোনাৰ ধেমালী এতিয়া সামৰি থওক। মই যে আপোনাক হাৰ-গৰ দিছিলোঁ, তাৰ সোণ জুখি, সোণৰ ভাও চাই আৰু গঢ়পিট চাই, তাৰ বেচৰ পৰা, এওঁক দিব লগীয়া টকা দিও, পাঁচ শ টকা বাঢ়ি