তেনেকৈ মইও তাইৰ ( হব-খোজা ঘৈণীৰ ) হাতৰ প ৰ
পলালে হে ৰক্ষা।
[ প্ৰস্থান।
কা, নিৰণ—এই খন ভূত-পিশাচৰ হে ঠাই। ইয়াত আৰু সৰহ দিন থকা ভাল নহয়, পলোৱাহে যুগুত। যি জনীয়ে মোক স্বামী বুলি মাতে তাইক চকুৰে চাবৰে মন নাযাই, কিন্তু তাইৰ চিকোন ভনীয়েকটীক দেখিলে মনৰ কথা লুকাই ৰাখিব নোৱাৰোঁ, ইয়াৰ পৰা যাবৰে মন নাযাই। আহা! তাই দেখিবলৈ কেনে শুৱনী! কথাখিনি কেনে মিঠা! কেনে বিতোপন স্বভাৱ। কেনে মধুৰ মন-মোহা গান গাব পাৰে! —নহয়, তাইৰ গান আৰু নুশুনোঁ, কাণত সোপা দি থৰ লাগিল, নহলে নিজেই নিজৰ মুড় খোৱা হে হব।
সোণেশ্বৰ সোণাৰিৰ প্ৰবেশ।
সোণেশ্বৰ—নিৰঞ্জন ডাঙ্গৰীয়া নে?
কা, নিৰণ—এৰা, মোৰ নাম নিৰঞ্জন।
সোণেশ্বৰ— সেইটো মই বেচকৈ জানোঁ। ধৰক! এই গছ হাৰ। মই আপোনাক আহঁতগুৰিত লগ পাম বুলি হে ভাবিছিলোঁ। আপোনাক এই খিনিতে পালোঁ ভালেই হল। হাৰ-গছ গঢ়া হৈ নুঠাৰ বাবে হে মোৰো পলম হল।
[ হাৰ দিয়ে।
কা, নিৰণ—মই কি কৰিব লাগে? মই এই হাৰ গছেৰে কি কৰিম?