পৃষ্ঠা:ভ্ৰম-ৰঙ্গ.djvu/৭১

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
[ ৪৩ ]

ফুৰিব। লুকাই যেই কৰক নকৰক, তাক বাইদেওক জনাবৰ সকাম কি? চোৰে নো কৰবাত চুৰ কৰি নিজ মুখেৰে তাৰ বাহাদুৰী কৰেনে? আপুনি অবিশ্বাসী হৈ আপোনাৰ ব্যৱহাৰৰ দ্বাৰাই তাকে আকৌ বাইদেওক জনোৱাটো কটা-ঘাত চেঙ্গা-তেল দিয়াৰ দৰে দুগুণ অন্যায় হেছে। —হায়! দুৰকপলীয়া তিৰোতা!! —আপোনাসকলে আমাক ভাল পোৱা যেন দেখুৱালেই হয়! অন্তৰেৰে যদি আনক ভালকে পায়, আমাক দুএসাৰ মুখৰ মিঠা কথাকে কব। আপোনাসকলৰ গতিয়েই আমাৰ গতি; আপোনা সকলে যেনিয়েই নিয়ে আমি তেনিয়েই যাওঁ। সেই দেখি, ভিনিহিদেও, আকৌ ভিতৰলৈ য’ক, মৰমৰ মাতেৰে সম্বোধন কৰি বাইদেওক সান্ত্বনা কৰক গৈ; —মিঠা-কথা কৈ ঠেহ ভাঙ্গোঁতা হলে, ঠেহ-পতা বৰ সুখৰ কাম।

 কা, নিৰণ—সুন্দৰি! তুমিহে মোক সম্বন্ধ ধৰি মাতিছাঁ মই তোমাক চিনিকে পোৱা নাই। তোমাৰ নিচিনা ৰূপ-গুণ এই পৃথিৱীত যে সম্ভৱ নহয়েই, স্বৰ্গতো অতি কম। অৱশ্যে তুমি কোনোবা দেবী, মায়া কৰি পৃথিৱীত আছাঁহি। হে দেৱি! মোক কৃপা কৰি মায়া দূৰ কৰাঁ; আৰু এই মলিন, দুৰ্ব্বল, ভ্ৰমযুক্ত হীন-বুদ্ধি মানুহক তোমাৰ কথাৰ ভাব বুজাই কোৱাঁ। মোক মোৰ মনৰ ধাৰণাৰ বিপৰীত ভাবনাত পেলাবলৈ তোমাৰ ইমান যত্ন কিয়? তুমি মহাশক্তি ঈশ্বৰী নে? —তুমি মোক নতুন জনম দিব খুজিছা নে কি? তেনেহলে মোত