পৃষ্ঠা:ভ্ৰম-ৰঙ্গ.djvu/৬৮

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
[ 8০ ]


 

 মা, কলি—দেউতা! কুঠাৰ নে চাঁচ? চাঁচকে হে আনিব লাগে। ইয়াৰ ধৰি মুড়টো চাঁচি পেলাব লাগে, তেহে যদি ইয়াৰ লাজ হয়।

 মা নিৰণ—যা, যা, ভাল কুঠাৰ এখন আন!!

[ দুৱাৰ ভাঙ্গিব খোজে।

 লাহমন— আপুনি নো ইমান বিতত হইছে কিয়? থিৰ হওক। আপুনি দেখোন আপোনাৰ দুৰ্নাম আনি লব খোজে। এবাৰ এনে হওঁতেই ঘৰৰ ঘৈণীৰ পৱিত্ৰ সতীত্ব- ধৰ্ম্মৰ প্ৰতি চোভা কৰিব খোজে! তেওঁ কিমান জ্ঞানী, কিমান সাধ্বী, কিমান গুণৱতী, কিমান পতি-ব্ৰতা, আৰু কিমান বঢ়া-বুজা, এই বিলাক কথালৈ অলপ গমি চাব, ভিতৰত এনে কিবা কাৰ্য্য হব পাৰে যে তাক আপুনি নাজানিবও পাৰে। তেওঁ কেনে বান্ধৰ তিৰোতা, আপুনি তাক ভালে দিনৰে পৰা জানে। আপুনি অলপকে সন্দেহ নকৰিব। পাছত তেওঁ এই সময়ত এই দৰে দুৱাৰ মাৰি থোৱাৰ সন্তোষজনক কাৰণ আপোনাক দিব। মোৰ কথা শুনক, এতিয়া আহক আমাৰ ঘৰতে খোৱা-বোৱা কৰোঁগৈ। আবেলি কৈ আপুনি অকলৈ আহি এই বিষয়ৰ তত্ত্ব কৰিবহি। আপুনি যদি খঙ্গ কৰি এই দিন-দুপৰত দুৱাৰ ভাঙ্গে, তেন্তে হাটৰুৱা-বাটৰুৱা মানুহে যেয়ে যিহকে পাৰে তাকে ৰটিব। আগলৈকে এটা অখ্যাতি থাকিব। তেনে অপযশে নাতি-পুতিলৈকে