মা, কলি— এওঁবিলাক বাহিৰতে ৰৈ থাকিল ভিতৰলৈ মাতক।
মা নিৰণ— আজি কিহবাই পালে, আমি ভিতৰ সোমাব নোৱাৰা হলোঁ।
মা, কলি—তাকে নকৈ নো আৰু কি কব? ভিতৰত ভাতে কান্দিব লাগিছে, বাহিৰত আমাৰ এই দশা! এই দৰে ককৰ্থনা খালে মানুহৰ খঙ্গে মুড়ৰ চুলি পায়হি।
মা, নিৰণ—হেৰ, কি পা এডাল আন, দুৱাৰ খনকে ভাঙ্গোঁ!
মা, কলি—( ভিতৰৰ পৰা) তুমি বাৰু কি ভাঙ্গা ভাঙ্গা, মই হলে তোমাৰ লগুৱাৰ মুড়কে ভাঙ্গিম।
মা, কলি-বাহাদুৰী কৰিছে, নেদেখিছা! মুখেৰে
এটাইয়ে ভাঙ্গিব পাৰে। হেৰ, দেউতাৰ আগতে এনে কথা ক দেখোন?
কা, কলি—( ভিতৰৰ পৰা) তোকো একিল লাগে নে কি? গুচ। ইয়াৰ পৰা শিয়াল!
মা, কলি—বৰ কৈ দেখোন গুচ্ গুচ্ কৰ একা?— হেৰ কাবৌটি কৰিছে৷ মাক সোমাবলৈ দে।
মা, কলি— ( ভিতৰৰ পৰা) কাণ-মুড় নাইকিয়া কেকোঁৰা! লালুকীলৈ আকৌ তপত পানী লাগিছে।
মা, নিৰণ—মই আজি নিশ্চয় কইছোঁ দুৱাৰ ভাঙ্গিম। হেৰ কলিমন কুঠাৰ এখন আন!