পৃষ্ঠা:ভ্ৰম-ৰঙ্গ.djvu/৫৯

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
[ ৩১ ]


 কা, নিৰণ—এৰা, তোৰ মন আগৰ নিচিনা নাই। মোৰ তেনেকুৱা হৈছে।

 কা, কলি—-দেউতা! মনেই এনেকুৱা হোৱা নহয়, দেহাও বদলিছে।

 কা, নিৰণ—তোৰ গাৰ গঢ় আগৰ নিচিনাই আছে।

 কা, কলি—নহয় দেউতা! মই বান্দৰ হলোঁ।

 কা, নিৰণ—তই যদি আন কিবা হৈছ গাধহে হৈছ।

 কা, কলি—ভাল কৈছে দেউতা! মোৰ এতিয়া ঘাঁহ খাবৰ হে মন গৈছে। গাধ নহলে, সিহঁতে যে মোক চিনি পাইছে মইনো সিহঁতক চিনি নাপাওঁ কিয়?

 মালতী—আহক, আৰু এইবোৰ কথা থাওক। মই চকুত হাত দি কান্দিছোঁ, গিৰীহঁত-লগুৱা দুয়ো গোটখাই হাঁহিছে। আহক, ভাত খাবলৈ আহক। কলিমন, তই দুৱাৰ মুখতে থাক। যদি কোনোবাই দেউতাৰক বিচাৰ কৰে, তত ভাত খাইছে বুলি কবি, কাকো সোমাব নিদিবি। তৰা, আহ; কলিমন, তই ভালকৈ দুৱাৰ ৰাখিবি।

 কা, নিৰণ— (স্বগত) মই স্বৰ্গতে আছোঁ নে, পৃথিৱীতে আছোঁ, নাই পাতালতে আছোঁ, তোপনি নে সাৰপাই আছোঁ? ইহঁতে মোক জানে, কিন্তু মইহে নাজানোঁ,