এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
[ ২ ]
হলেও বিয়া কৰাম। সেইটো তোমাৰ লগুৱা আহিছে; ভিনীহিদেৱো আহিব পায়।
মায়াপুৰীয়া কলিমনৰ প্ৰবেশ।
মালতী—কছেন, তোৰ গা-গধূৰ দেউতাৰৰ ওচৰ পাইছি- লিনে?
মা, কলি—কি ওচৰ পোৱাৰ কথা কৈছে? তত আমাৰ পিঠিত আৰু কাণত যিহে হাত ফুৰালে , তাৰ ফৰ- ফৰণি এতিয়ালৈকে মৰা নাই, কাণেই তাৰ সাক্ষী।
[কাণ দেখুৱায়।
মালতী—তই ডাঙ্গৰীয়াৰে কথা হৈছিলিনে? তেওঁৰ নো মনটো কেনে? কি গম পালি?
মা, কলি—তৰ মন তৰ হাতে জানিলে, আৰু মোৰ কাণে জানিলে; মই একো তত ধৰিব নোৱাৰিলোঁ।
তৰা—তেওঁনো এনেকৈ কথা কৈছিলনে, যে তই একো বুজিব নোৱাৰিলি?
মা, কলি—তত মোক এনে সুন্দৰকৈ মাৰিছিল যে মই তৰ ভুকুকেটা বঢ়িয়াকৈ গম পাইছিলোঁ, কিন্তু তাৰ অৰ্থহে বুজিব নোৱাৰিলোঁ।
মালতী—কছোন, তেওঁ আহিছেনে নাই অহা? তেওঁৰ দেখোন ঘৈণীয়েকলৈ বৰ মৰম।