পৃষ্ঠা:ভ্ৰম-ৰঙ্গ.djvu/৪৩

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
[ ১৫ ]

সাঁচ পিঠিত থাকিব পায়। কিন্তু চড়-ভুকু এটাইখিনি গোটা- লেও এহেজাৰ নহব হবলা।

 কা, নিৰণ— তোৰ আইয়েৰৰ ভুকু। তোৰ আইয়েৰ আকৌ কোন অ?

 মা, কলি—দেউতাৰ ঘৈণীয়েক। ভেলউগুৰিত থকা আমাৰ আই, যি জনাই আপোনালৈ বাটচাই এতিয়ালৈকে লঘোত পেটুশুকাইমৰি কই পঠাইছেঃ— সোনকালে ভাত খাবলৈ আহক।

 কা, নিৰণ—কি তই মোক মুখৰ আগতে ইমানকৈ উপলুঙ্গা কৰ? হাক দিয়াতো ইমান পা দেখোন খেকাৰখোৱা গোলাম!

[ প্ৰহাৰ।

 মা, কলি—কি কৰে—আধ্যাকে কৰেনে কি? হে-হে -আপোনাৰ এটাইৰে সপত, এড়ক, এড়ক। আপুনি নেড়ে যদি আমি পলায়্‌ৰ্দ্ধ্ং।

[ ভিৰাই ধৰি লৰ মাৰে।

 কা, নিৰণ—মই নিশ্চয় জানিছোঁ, এই পাষণ্ডক কোন- বাই চলিলে। মোৰ ধনখিনি ফাকি দি নিলে। সকলোৱে কয় বোলে এই নগৰত বৰ মায়া জানে। তেলেকীবাজী কৰি চকুতে বালি মাৰে। জুগুনীহঁতে মনকে ভূলাই মানুহৰ সৰ্ব্বনাশ কৰে। মন্ত্ৰকৰি বোলে পিঠিতে গছ গজায়। বহিবলৈ দিয়া পিৰাই লাগি ধৰে। গছকে বাটবুলায়। নৈৰ ওপৰে হুনু