কা, নিৰণ— হেৰ, হেৰ, কলিমন! থাক, থাক, এতিয়া ধেমালীৰ সময় নহয়। সেইবিলাক ধেমালী মন ভাল লগা কাললৈ থৈ দে। তোক থবলৈ দিয়া ধনখিনি কত?
মা, কলি মোক নে? মোক দেখোন আপুনি একো ধন-বিত দিয়া নাই।
কা, নিৰণ— থ, থ, তোৰ বহুৱালি ইমানতে ওৰ পৰক। তোক যি থবলৈ দিছিলো^ সি কত? কত পেলালি কুকুৰ, নিলাজ?
মা, কলি—থোৱা-লোৱা কি? আপোনাক নিবলৈ মোক পঠিয়াইছে, মই এতিয়া তাত বাজে একো নাজানোঁ আপোনাক ভাত খাবলৈ নিব লাগে। আইও ৰৈ আছে, আইটীও বাটচাই আছে।
কা, নিৰণ—মই কেনে ভকত তই চিনা নাই? মই সঁচা কৈছোঁ, সুদাই নেড়িম। তই ঠিক কথা ক, টকা কাৰ হাতত থৈ আহিছ, নহলে তোৰ ধেমালী কৰা মুখকে ভাঙিম। মোৰ মন বেয়া লাগি থাকোতে ধূন কৰাৰ জোল উলিয়াম চাবি। মোৰ পৰা নিয়া ৰূপ হেজাৰ কত থলি?
মা, কলি—মই ৰূপ-বান থোৱাৰ কথা কব নোৱাৰোঁ, মনতো নপৰে। গালত ঠাচ্-ঠাচ্ কৈ মৰা চড় গোটা- দিয়েকৰহে মনত আছে। আইয়ে মৰা ভুকু কেইটামানৰো