পৃষ্ঠা:ভ্ৰম-ৰঙ্গ.djvu/৪০

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
[ ১২ ]
 

 কা, নিৰণ—তেওঁ মোৰ ইচ্ছা পূৰ্ণহক বুলিছে; কিন্তু যাক পালে মোৰ মনৰ ইচ্ছা পূৰ্ণ হব, তাক কত-কেনেকৈ পাম! এই সংসাৰ-সমুদ্ৰত মই টোপাকৈ এটোপা পানীৰ দৰে—তেনে হৈ মই সাগৰৰ পানীৰ মাজত মোৰ লগৰ এটোপা পানী বিচাৰিছোঁ—লগৰ টোপা যে নাপালোঁয়েই আপোনাকো হেৰুৱালোঁ—বিমোৰ হলোঁ। আপোনাকে চিনিব নোৱাৰাত পড়িলোঁ! আই-ভাইক বিচাৰিবলৈ আহি আপুনি নিৰুদ্দেশ হলোঁ। ইয়াকেহে বোলেঃ— বিধিৰ বিড়ম্বনা! হৰি, হৰি, কপাল!!

মায়াপুৰীয়া কলিমনৰ প্ৰবেশ।

 অ, আমাৰ জন্ম পত্ৰিকা ডোখৰ আহি ওলালহিযেই দেখোন; ইমান সোনকালে নো আকৌ কিহে ওভোটাই আনিলে?

 মা, কলি—সোনকালে ওভোটোই আনিলে কিহে- কি? মোৰ মনেৰে ৰব পলমহে হব পায়। ভাত শুকাই কৰ্ক্কৰা হল; আঞ্জা চেচাঁ হল, ভজা-খৰিকাত দিয়া মাছ মচমচীয়া গুছি পাততদিয়াৰ দৰে হল, আৰু পাততদিয়া মেকুৰীৰ পেটত সোমায়ো জীণ যাব লগা হল। ঘড়ীত বাজিল বাৰ, আইয়ে আমাৰ গালত বজালে এক। আইৰ খঙ্গে মুড় পালেগৈ, জ্বলি-পকি উঠিল—কিয়নো, ভাত চেঁচা হল। ভাত চেঁচা হল—আপুনি ঘৰলৈ নাযায়। আপুনি