পৃষ্ঠা:ভ্ৰম-ৰঙ্গ.djvu/৩৪

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
[ ৬ ]

ওচৰ পাওঁ পাওঁ হওঁতেই —স্বৰ্গদেউ! স্বৰ্গদেউ! —মোৰ আৰু কথা নোলাই! তাৰ পাছত কি হল ইয়াৰ পৰাই বুজক-

(কান্দিবলৈ ধৰে)।

 ৰজা— নহয় কোৱা, কোৱা, তাৰ পাছত?——এধা— কোৱাকৈ নেৰিবা। আমি তোমাক ক্ষমা কৰিব নোৱাৰিলেও পুতৌ কৰিব পাৰোঁ।

 ধনব— (হুমুনিয়াহ পেলাই বৰ বেজাৰেৰে) অস্! স্বৰ্গদেও! দেৱতা সকল সেই ক্ষণতো যদি মোৰ প্ৰতি অলপ মান তুষ্ট হল হেঁতেন তেও মই আজি সিবিলাকক নিষ্ঠুৰ নুবুলিলোঁ হেতেন। আৰু কুৰী মাইলমান যোৱা হলে সেই দুখন জাহাজ লগ পালোঁহেতেন। কিন্তু নৌ পাওঁতেই বাটতে আমাৰ জাহাজখন অকস্মাৎ এটা বৰ ডাঙৰ শিলত পড়ি সোঁ মাজতে দুফাল হল। এইদৰে লগ এৰা এৰি হোৱাত আমাৰ হৰ্ষ-বিষাদ সমান হল। আমি কান্দিমেইনে হাহিমেই একো ঠিক নহল। লৰাহঁতৰ মাক থকা ডোখৰ অলপ সৰু হৈ ভাগিল। দুখৰো যদি তেও সেই দৰে সৰু ভাগ পালেহেঁতেন তেও ভাল আছিল, কিন্তু তেনে নহল! ধুমুহাত পৰি ভালেমান আঁতৰ হল। আমাৰ আগতে সিহঁত তিনিউকো লোহিতনগৰৰ মাছমৰা মানুহে তুলি নিয়া যেন দেখিলোঁ। কিছুমান বেলিৰ পাছত আমাকে সেই দৰে আন এখন নাৱৰ মানুহে তুলি নিলে। আৰু আস্ত-ব্যস্ত কৰি আমাক সিহঁতে সুশ্ৰষাও কৰিলে। এই খন নাৱৰ