প্ৰতি সিমান মায়া নাছিল। কিন্তু মোৰ তিৰোতাক ব্যাকুল দেখি আৰু সৰু কুমলীয়া লৰা দুটীৰ আটাহ শুনি মই থিৰেৰে থাকিব নোৱাৰিলোঁ। মৰণৰ হাত সৰা টান হল—এই কথা ভাবিয়েই মাক বিতত হল। লৰা কেইটাই মাকক কন্দা দেখিয়েই কান্দিবলৈ ধৰিলে, কিয়নো, ভয় কি বস্তু তেতিয়া সিহঁত বুজিব পৰা নৌ হয়। আমাৰ সেই অৱস্থাত কন্দাত বাজে আৰু আন একো উপায়ো নাছিল। জাহাজৰ নাৱৰীয়া বিলাকে জাহাজ এৰি সৰু নাৱেৰে বাম উঠিল। আমি আৰু একো উপায় নাপাই জাহাজতে থাকিলোঁ। মাকে বৰ লৰাটো মাস্তুললৈ আনি থোৱা কাঠ এডালতে বান্ধিলে, তাৰ লগতে বৰ লগুৱা লৰাটোও বান্ধিলে,। মইও ই দুটা লৰা সেই দৰেই আন এডাল কাঠত বান্ধিলোঁ। তাৰ পাছত আমি দুয়ো সিহঁতৰ লগতে ককাঁলত বান্ধ দিলোঁ। লৰাকেইটাৰ ওপৰতে আমাৰ ধাউতি থাকিল। পাছে সোঁতৰ লগে লগে উটি গৈ আছিলোঁহঁক। আমাৰ গাত দিক-বিদিকৰ একো ভূ নাছিল, অনুমানত আমি লোহিত নগৰৰ ফাললৈ উটি যোৱা যেন লাগিছিল। কিছু বেলিৰ পাছত ৰদ ৰেঙালে। বেলিয়ে গা দেখা দিলে। আপদীয়া মেঘ নাই- কিয়া হল। সাগৰেও শান্তমূৰ্ত্তি ধৰিলে। অলপমান বেলি আছে; এনেতে আমাৰ ফাললৈ দুখন জাহাজ অহা দেখিলোঁ। এখন লোহিত নগৰৰ আৰু আনখন দিব্যপুৰৰ পৰা অহা যেন মনে ধৰিলে। কিন্তু এই জাহাজ দুখন আমাৰ
পৃষ্ঠা:ভ্ৰম-ৰঙ্গ.djvu/৩৩
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
[ ৫ ]