পৃষ্ঠা:ভ্ৰম-ৰঙ্গ.djvu/৩০

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
[ ২ ]

নোৱাৰোঁ! কামপুৰীয়া ৰজাই এই মায়াপুৰৰ নিৰপৰাধ মুদৈবিলাকক যেনে যন্ত্ৰণা দিলে, আন কি ধন দিব নোৱা- ৰতি সিহঁতক শালত দিলে, সেই কথালৈ মনত পড়িলে আমাৰ মনত কাম-পুৰীয়া মানুহলৈ লেশ মাত্ৰ দয়ায়ো ঠাই নাপাই। তোমাৰ আৰু আমাৰ দেশৰ প্ৰজাৰ ভিতৰত এই কন্দল হবৰে পৰা উভয় দেশতে দৃঢ়ৰূপে বিধিবদ্ধ কৰা হইছে যে শত্ৰু-পক্ষৰ কোনো নগৰতে আমাৰ কোনো মানুহে বেহা-বেপাৰ কৰিবলৈ নাযাব। আৰু শত্ৰু—পক্ষৰ মানুহে আমাৰ ৰাজ্যলৈ নাহিব। অকল সেয়েই নহয়— যদি কোনো কামপুৰীয়া মুদৈয়ে মায়াপুৰৰ কোনো হাট- বজাৰত অকস্মাৎ ভৰি দিয়ে বা সাগৰৰ দাঁতিৰ নাও-বন্ধা ঘাটলৈ সোমায় তেন্তে এহেজাৰ টকা দিব নোৱাৰিলে তেওঁৰ প্ৰাণদণ্ড হব, আৰু তেওঁৰ বয়-বস্তু বেছিলেও কথমপি এশটকিমান ৰূপ পোৱাও টান। গতিকে বিধি-অমুসৰি তোমাৰ প্ৰাণদণ্ডই স্থিৰ হল।

 ধনবৰ— মহাৰাজ! হওক, সিও মোৰ পক্ষে শুভ বাৰ্ত্তা, কিয়নো, মহাৰাজৰ কথাৰ ওৰ পড়িলেই মোৰ দুখৰে। ওৰ পড়ে। দিনৰ শেহত বেলি মাৰ যোৱাদি মহাৰাজৰ কথাৰ শেহত মোৰ দুখো অন্ত হব।

 ৰজা— কামপুৰীয়া-বুঢ়া-সাউদ, বাৰু কোৱাচোন তুমি নো কিয় তোমাৰ ওপজা ঠাই এড়ি এই ৰাজ্যলৈ আহিছিলা?