পাতনি লিখাও শেষ নহল। তেতিয়া তেখেতৰ বিশেষ ধাউতি ৰাষ্ট্ৰনীতিৰ ফাললৈ। ধৰ্ম্মৰ আলোচনাই তেখেতক ৰাষ্ট্ৰনীতিৰ পৰা আঁতৰাই ৰাখিব নোৱাৰিলে।
১৮৮৯ চনত তেখেতে বি-এল পাছ কৰি গোলাঘাটত ওকালতি আৰম্ভ কৰে। তেতিয়া গোলাঘাটত উকীলৰ সংখ্যা আঙুলিৰ মূৰত লেখিব পৰা। যোৰহাটৰ কেইজনমান অসমীয়া উকীল আৰু দুজন বঙ্গালী ভদ্ৰলোকে গোলাঘাটত ওকালতি কৰে। বৰুৱাদেৱে নিজ বুদ্ধিৰ বলত ওকালতি ব্যৱসায়ত অতি সোনকালে খ্যাতি অৰ্জ্জন কৰিলে। শেষলৈ এনে সুনাম হল যে মোকৰ্দ্দমা কৰা মানুহে তেখেতক “বৰ উকীল” বুলিলেহে চিনে।
এখেতৰ ১৩ বছৰ বয়সত এটা টান নৰিয়া হয়। সেই ৰোগতে হৃৎপিণ্ডৰ কিছু বিকাৰ জন্মে। সেই বাবে তেখেতে চৰকাৰী বিষয়লৈ কেতিয়াও ধাউতি কৰিব নোৱাৰিছিল। ওকালতি কালৰ আৰম্ভণৰ পৰাই তেখেতে সেই কালৰ উপযোগী ৰাইজৰ সেৱা কাৰ্য্যত মন নিয়োগ কৰিলে। গোলাঘটীয়া ৰাইজৰ সৰ্ব্বজনীন সভাত তেখেতে যোগ দিলে, চৰকাৰৰ ঘৰলৈ আৱেদন নিবেদনত লাগিল। চৰকাৰৰ মনোনীত সভ্য হৈ গোলাঘাট ইউনিয়ন আৰু গোলাঘাট লোকেল বোৰ্ডৰ ভাইচ চেয়াৰ মেনৰ বাৰ কাউঞ্চিলত নোসোমোৱালৈকে চলাইছিল। তেখেতৰ বিশেষ যত্নতে ইউনিয়নৰ ঠাইত গোলাঘাটত মিউনিচিপেলিটি স্থাপন হয়।