একেটি পোৱেও মোৰ মাত বুজিব নোৱাৰা হল! বোপা, যদিও মোক ৰোগে শোকে জুৰুলা কৰিলে, যদিও মোৰ তেজমাংস তেনেই শুকাল, তেও মোৰ শোক আন্ধাৰত পড়ি থকা মনতো স্মৰণ শক্তি অলপ আছে। মোৰ অন্ধলা চকুতো অলপ তেজ আছে; মোৰ কলা কাণতো অলপ শক্তি আছে। মই দেখোন তহঁতক চিনিব পাৰিছোঁ। তই বোপা মোৰ পো নিৰঞ্জনেই হৱ, মোৰ তাত এক ধনিষ্টা মানো সন্দেহ নাই।
মা, নিৰণ—আপুনি হে তেনেকৈ কৈছে, মই উপ- জিবৰে পৰা মোৰ পিতৃ-মুখ কেনে দেখাই নাই।
ধনবৰ—বোপা, তই মোক কামপুৰত এড়ি থৈ অহা সাত বছৰ মাথোন হৈছে। হব পাৰে তই মোক দুখত পৰা দেখি বোপাই বুলিবলৈ লাজ পাইছ!
মা, নিৰণ—উপজিবৰে পৰা কামপুৰ যে মই কেতিয়াও দেখা নাই, মহাৰাজকে প্ৰমুখ্য কৰি এই নগৰৰ সকলো মানুহে বেছকৈ কব পাৰে।
ৰজা—কামপুৰীয়া মুদৈ, ময়ে তাক মোৰ পেটৰ পোৱালিৰ দৰে আদৰ কৰি লৈ ফুৰুৱা আজি কুৰি বছৰ হৈছে, ইয়াৰ ভিতৰত সি কামপুৰ চকুৰেই দেখা নাই, মই বেছকৈ কব পাৰোঁ। বয়সে বিপদে গোটখাই তোমাক আঁখিৰ অবিৰ কৰিছে হবলা।