এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
[ ৯৩ ]
মা, কাল—স্বৰ্গদেৱ ঈশ্বৰ! দুপৰীয়া ডাঙ্গৰীয়াই সেই তেওঁৰ ঘৰত আহঁতগুৰিতহে ভাত খাইছিল।
সোণপাহী—হয় স্বৰ্গদেৱ, আৰু মোৰ হাতৰ পৰা সেই আঙ্গঠিটোও তত কাঢ়ি লৈ আহিছে।
মা, নিৰণ—হয় স্বৰ্গদেৱ, এই আঙ্গঠিটো মই তাইৰ পৰা অনা হয়।
ৰজা—এই মন্দিৰলৈ তেওঁক সোমোৱা দেখিছিলি নে তই?
সোণপাহী—হয় স্বৰ্গদেৱ, মই নিজ চকুৰেই দেখিছোঁ।
ৰজা—ই বৰ আচৰিত! যা এটাই তাপসীক মাতি আন। হয় তহঁত এটাই মখা বলিয়া হৈছ, নহলে তহঁতৰ কিবা এটা বৰ ভ্ৰম হৈছে। [তাপসীৰ গুৰিলৈ এজন যায়]
ধনবৰ—স্বৰ্গদেৱ ঈশ্বৰে অনুমতি দিলে বন্দীয়ে এষাৰ কথা কব খোজোঁ। এই সমাজৰ ভিতৰতে মোৰ এজন বন্ধু দেখিছোঁ, তেওঁ দণ্ডৰ ধন দি মোৰ প্ৰাণৰক্ষা কৰিব পাৰিব পাৰে।
ৰজা—কামপুৰীয়া, তোমাৰ যি মনৰ কথা আছে, নিৰ্ভয়ে ভাঙ্গি কোৱাঁ।
ধনবৰ—বোপা, তোমাৰ নাম নিৰঞ্জন নহয় নে? আৰু সেইটো তোমাৰ লগুৱা কলিমন নহয়নে?