অনিৰাম—আৰু মইও শপত খাই কব পাৰোঁ, যে তুমি প্ৰথমে এবাৰ আমাক সেই বজাৰত লগ পাওঁতে ‘কৰ হাৰ মই তাক দেখাই নাই’, বুলি মিছা মাতিছিলা। এতিয়া আকৌ এই খিনিতে ‘মই কেতিয়া মিছা মাতিছিলোঁ’ বুলি হাৰ-গছ পোৱাৰ সৈ লৈছলা। তাতে হে মই তোমাক মিছলীয়া বুলি কাটিবলৈ তৰোৱাল দাঙ্গি লৈছিলোঁ। তুমি লড় মাৰি গৈ এই দেৱালয়তে সোমালা। কি ভেলেকী মাৰি নো তুমি আকৌ ওলাই আহিলা, তাক হে কব নোৱাৰোঁ।
মা, নিৰণ—মই ইহাৰ ভিতৰলৈ কেতিয়াও সোমোৱা নাই, আৰু তুমিও মোলৈ তৰোৱাল দঙ্গা নাই। ধৰ্ম্মক সাক্ষী কৰি কৈছোঁ, মই সেই হাৰ চকুৰেও দেখা নাই, যদি মই মিছা কৈছোঁ, মোক সেই ধৰ্ম্মেই ঘটাব।
ৰজা—এই খন কি বেমেজালি গোচৰ পাতিছা হঁক তোমালোকে? এটাইবোৰ মতলীয়া হলা হঁক নে কি? যদি মন্দিৰৰ ভিতৰলৈ এওঁ সোমাইছিলেই আকৌ ইয়াত ওলালহি কেনেকৈ। বলিয়া বুলিবলৈকো, তেনে মানুহে এনে থিৰ ভাবে গোচৰ দিয়াটো কেতিয়াও সম্ভৱ নহয়। তোমালোকে কোৱা এওঁ ঘৰতে ভাত খাইছে, ই সোণাৰিয়ে পোনেই সেইটো কথা মিছা বুলি কয়। হেৰ তই কি ক?