পৃষ্ঠা:ভ্ৰম-ৰঙ্গ.djvu/১১৯

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
[ ৯১ ]

প্ৰকৃতিৰ মানুহেৰে সৈতে আহি উপস্থিত। লগতে সিহঁতে এটা খাবলৈ নেপোৱা, পেটুৱা, এহাতলৈ চকু সোমোৱা, আদনাঙ্গঠা, জকাওলোৱা, হুলমুৱা, এধাজীয়া-এধামৰা দুষ্ট বেজ লৈ আহিছিল। সি পাষণ্ডই হেনো মন্ত্ৰ জানে, ভূত খেদাব পাৰে। সি দেখোন আগবাঢ়ি আহি মোৰ চকুদুটালৈ টেলেকা-টেলেকি কৈ চাবলৈ ধৰিলে; আৰু হাত খনত ধৰি এবাৰ নাড়ীডাল টিপি চাই বোলে ‘এওঁক ভূতে পাইছে’। পাছে এটাই মখাই মোকে লগুৱাটোকে বেঢ়ি ধৰিলে; আৰু দুইকো হাতে ভৰিয়ে বান্ধি ঘৰলৈ লৈ গৈ এন্ধাৰ-মুধাৰ জেকা ঘৰ একোথালিত পেলাই থলে গৈ। কামুৰি-জামুৰি কোনো মতে বান্ধটো শোলোকাই মুকলি হৈয়েই স্বৰ্গদেৱৰ ওচৰলৈ তৰা-নৰা চিঙ্গি আহিছোঁ। এতিয়া স্বৰ্গ- দেৱে বিচাৰ কৰি এইবোৰ অমৰ্য্যাতৰ বাবে দোষীক সমুচিত দণ্ড দিয়ক, বন্দীৰ এই প্ৰাৰ্থনা।

 সোণেশ্বৰ—স্বৰ্গদেৱ। মই এই মাত্ৰ কব পাৰোঁ, তেওঁ আজি ঘৰত ভাত খোৱা নাই; দুৱাৰ মাৰি তেওঁক বাহিৰত থোৱাটো সঁচা৷

 ৰজা—বাৰু, তেওঁক হাৰ-গছ দিছিলি নে নাই?

 সোণশ্বৰদিছিলোঁ স্বৰ্গদেৱ! তেওঁ যেতিয়া ইয়াত লড় মাৰি সোমায়, তেতিয়া তেওঁৰ ডিঙ্গিতে সেইগছ হাৰ আছিল, এইবোৰ মানুহেই দেখিছে নহয়।