মা, নিৰণ— আজি দুপৰীয়া তাই মোক ঘৰৰ ভিতৰলৈ সোমাব নিদি দুৱাৰ-ডাঙ্গ মাৰি বাহিৰতে থলে। যত দুষ্ট মানুহ লগত লৈ তাই মোৰ ঘৰৰ ভিতৰত খিকিন্দালি মাৰি ভোজ পাতি সোমাই থাকিল।
ৰজা—ই বৰ ডাঙ্গৰ অপৰাধ! হয় নে মালতী, সঁচা নে?
মালতী—ৰাম ৰাম! নহয় মহাৰাজ! তত আজি তৰা আৰু মোৰ আগতে ভাত খাইছে। যদি মিছা কৈছোঁ, মোৰ ৰৌৰৌ নৰকত হে বাস হব।
তৰা—চন্দ্ৰ সূৰ্য্য দেৱতা সকল সাক্ষী, বাইদেৱে যি কথা কৈছে তাৰ এক ধনিষ্টামানো মিছা নহয়।
সোণেশ্বৰ—উঃ কি মিছা কথা। স্বৰ্গদেৱ! তেওঁ- বিলাক দুই মিছা শপত খাইছে। যদিও এওঁৰ আজি কথাৰ ঠিক নাইকিয়া হৈছে, তথাপি এওঁৰ এই কেষাৰ কথা হলে অলপো মিছা নহয়; মই বেচকৈ জানোঁ৷
মা, নিৰণ—মহাৰাজ! মই যি কৈছোঁ, তাক মোৰ সম্পূৰ্ণ জ্ঞান বিশ্বাসেৰে কৈছোঁ। মই মদ খাই মতলীয়া হোৱাও নাই, বা অকাৰণত খঙ্গ উঠি ভ্ৰম বকাও নাই। মোক ইহঁতে যেনে অন্যায় কৰিছে, তেনে অৱস্থাত মোতকৈ জ্ঞানী এজন হলেও থিৰেৰে থাকিব নোৱাৰে। দুপৰীয়াৰ ভোকত এই দুৱাৰ মাৰি থৈ মোক খেদাই পঠিয়াই। সেইটো সোণাৰিয়েই তাৰ সাক্ষী হব পাৰিলে হেতেন; তেতিয়া সি