পৃষ্ঠা:ভ্ৰম-ৰঙ্গ.djvu/১১৫

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
[ ৮৭ ]

নাৰ গাটোকে সৰুৱাওক! দেউতা আৰু কলিমন দুইও কেনেবাকৈ মুকলি হৈ ওচৰৰ মাইকী মানুহবোৰক উধা-মুধা কৈ মৰিয়ালে; আৰু সেই বেজটোক ধৰি বান্ধি লৈ, ডাল-জুইৰে তাৰ দাঢ়ি বোৰ পুৰিলে; আকৌ দেশৰ খিচনি-বোকাবোৰ মাৰি দাঢিত লাগি থকা জুই কুৰা নুমালে। এতিয়া লগুৱাটোৱে কাচী এখন লৈ চুলি-টুলি কাটি তাক বহুৱাটো সাজিছে; দেউতাই আকৌ ‘অলপ ৰ অলপ ৰ’ বুলি তাক চেঁচনী দিছে। সঁচা কৈছোঁ, আই, যদি এতিয়াই তাক এৰুৱাবলৈ মানুহ নপঠিয়াই, তেনেহলে দুইও গোট খাই তাক মাৰি হে এড়িব।

 মালতী—হে হে বলিয়া! তোৰ দেউতাৰ দেখোন তেওঁৰ লগুৱাৰে সৈতে ইয়াতে আছে। তই মিছা কথা কৈছ।

 লগুৱা—সঁচা আই, মৰিবলৈ, মই মিছা কোৱা নাই। মই এই বোৰ দেখি একে উশাহতে এইখিনি পাইছোঁহি। দেউতাই পাৰে মানে আপোনাক, বিচাৰি ফুৰিছে, আৰু শপত খাই কৈছে, আপোনাক পালে হেনো আপোনাৰ মুখ এধা পোৰা কৰিব।

[ভিতৰত চিয়ঁৰ-বাখৰ।

  শুনক, শুনক আই! দেউতাৰ মাত শুনিছোঁয়েই। পলাওক! ইয়াৰ পৰা লড় মাৰক!

 ৰজা—আহাঁ, তোমালোক মোৰ ওচৰলৈ আহাঁ। একো ভয় নকৰিবা, কেউপিনে ৰখীয়া থওক।