পৃষ্ঠা:ভ্ৰম-ৰঙ্গ.djvu/১১৪

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
[ ৮৬ ]

জানি, লেঠা-পিঠা মাৰিবৰ মনেৰে এখন্তক বাহিৰলৈ ওলাইছিলোঁ; সেই ছেগতে, কিহৰ নো বলত কব নোৱাৰোঁ, ৰখীয়া-পৰীয়াকো নগণি, বলিয়া লগুৱাটোৰে সৈতে তেওঁ ওলাই আহিল। দুয়ো খঙ্গত উগ্ৰমূৰ্ত্তি হৈ হাতত তৰোৱাল লৈ আমাক খেদাত চেষ্টা হেৰুৱালে। মাতি বুলি সৰহ কৈ মানুহ- দুনুহ গোটাই লৈ আকৌ দুইকো বান্ধি নিবলৈ আহিছিলোঁ, তেনেতে এই মন্দিৰটোতে তেওঁ বিলাক লড় মাৰি সোমাল গৈ। আমিও পাচতে গৈছিলোঁ, কিন্তু তাপসীয়ে দুৱাৰ মাৰি ধৰিলে। তেওঁবিলাকক ঘৰলৈ লৈ যাবলৈ উলিয়াই আনিবলৈ আমাকে সোমাব নিদিয়ে; তেওঁ নিজেও উলিওৱাই নিদিয়ে। এইয়ে মোৰ গোচৰ। স্বৰ্গদেৱে বিচাৰ কৰি মোৰ স্বামীক মন্দিৰৰ পৰা উলিয়াই দিবলৈ তাপসীক আজ্ঞা কৰক।

 ৰজা—তোমাৰ স্বামীয়ে বহুত দিনৰ পৰা মোক অনেক যুদ্ধত সহায় কৰিছে। আৰু তোমাকো মই নিজ মুখে কৈ তেওঁৰে সৈতে পৰিণয় কৰাবৰ সময়ত, যত পাৰোঁ তেওঁৰ ভাল কৰিম বুলি নিজে এই ৰাজমুখেৰেই প্ৰতিজ্ঞা কৰিছিলোঁ। তোমালোক কোনে হয় এজনে এই দেৱালয়ৰ দুৱাৰত খুন্দিয়াই, ৰাজ আজ্ঞা শুনাই, তাপসীক ওলাই আহিবলৈ কোঁৱা। মই এই কথাৰ এটা নিশ্চয় কৰি হে ইয়াৰ পৰা যাম।

এটা লগুৱাৰ প্ৰবেশ।

 লগুৱা—আই! আই! আঁতৰক! আঁতৰক! আপো-