পৃষ্ঠা:ভ্ৰম-ৰঙ্গ.djvu/১০৯

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
[ ৮১ ]

তেওঁৰ অনেক ধন-সম্পত্তিয়েই নষ্ট হল? নাইবা গুপ্ত-প্ৰেমত পড়িয়েই তেওঁৰ এই দশা হৈছে, কি কব পাৰা?

 মালতী—অইন একো নাই, শেহৰটি অৰ্থাৎ গুপ্ত প্ৰেমত পৰা হলেই হব পাৰে।

 তাপসী—যদি তেনে গম পাইছিলা, তেনেহলে তুমি তেওঁক কিবা কিবি কব লাগিছিল।

 মালতী—তাকে নকৰিলোঁ নো কি?—কৈছিলোঁ।

 তাপসী—হয়, কিন্তু টান মুখেৰে কোৱা নাছিলা ছাগেই।

 মালতী—মুখৰ লাজ ৰাখি যিমান কব পাৰি, নকৈ এৰা নাই।

 তাপসী-অকলৈ থাকোঁতে হে কোৱাঁ মনেৰে।

 মালতী—কিয়, সমাজৰ মাজত থাকোঁতেও কওঁ।

 তাপসী—হয়, তেও জোখাৰে নহল যেন পাইছোঁ।

 মালতী—বাৰু শুনক, মই নো কেনেকৈ কওঁ। শুবলৈ গৈ শুব নোৱাৰে, মই সেইবোৰ কওঁ গুণেই; খাবলৈ গৈ খাব নোৱাৰে মই সেইবোৰ কোৱাৰ তাপতে; অকলৈ থাকিব, মই তাকে হে উলিয়াম; লগেৰে থাকিব মই মাজে মাজে তালৈকে হে ঠেলিয়াম; ৰাতিয়ে দিনে মুঠেই সেইবোৰ বেয়া ইয়াকে হে কৈ থাকোঁ।

[ ৬ ]