পৃষ্ঠা:ভ্ৰম-ৰঙ্গ.djvu/১০৭

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
[ ৭৯ ]

তেতিয়া যে আপুনি মিছা মাতিছিল, এই গছ হাৰ কৰ? এই গছেই মই দিয়া নহয় নে?

 কা, নিৰণ—হ পায় তুমিয়েই দিয়া, মই তো মিছা মতা নাই।

 অনিৰাম— মাতিছিলা তুমি মিছা, আৰু বাৰে বাৰে শপতো খাইছিলা।

 কা, নিৰণ—( খঙ্গেৰে ) কেনে শুনিছিল মই মিছা মতা, আৰু শপত খোৱা?

 অনিৰাম—( খঙ্গেৰে) মোৰ এই দুখন কাণেই শুনিছিল। তোমাৰ জীৱনত ধিক্‌। ভাল মানুহৰ আগত মুখ উলিয়াবলৈ লাজ লগা নাই নে?

 কা, নিৰণ—কি। মই মিছ কওঁ। দুৰাশয়! তোৰ ইমান সাহ! একে কোবে মুড়টো চিঙ্গিব দিছ নে! আহ, দুষ্ট মিছলীয়া, মই তোলৈ ভয় নকৰোঁ।

[ দুয়ো যুজ কৰিবলৈ সাজু হয়।
মালতী, তৰা, সোণপাহী ইত্যাদিৰ প্ৰবেশ।

 মালতী—হে, হে, কি কৰা! নেমাৰিবা, নেমাৰিবা, তে আজি বলিয়া হৈছে। বলিয়াৰে যুজি কি হব। এজনে তেওঁৰ তৰোৱাল খন কাঢ়ি লোৱা দেওহে। লগুৱাটোকো ধৰি বান্ধাঁ, মোৰ ঘৰলৈ লৈ যাওঁ।

 কা, কলি—দেউতা! পলাওক পলাওক! এইটো