শিয়ালে বোলন্ত খুড়া নকৰা সংশয়।
দুয়োজন যাওঁ ৰয়া সাঙ্গোৰক লই॥
আনিলন্ত লতা গাছ মাৰিয়া কামোৰ।
গলত লগায় দুয়ো লৈলন্ত সাঙ্গোৰ॥
তথাপি বাঘৰ মনে যায় ভয় কৰি।
নকাঢ়য় খোজ নিয়ে শিয়ালে আজুৰি॥
টনা টনি কৰি দুয়ো লাহে লাহে যায়।
বহিলন্ত ভোবোলাৰ সমীপক পায়॥
জন্তুৰ সহাৰি পায় মাথা তুলি ছালে।
প্ৰাণ হন্তা আহি মোৰ ওচৰক পালে॥
এহি বুলি ভোবোলা যে ভৈলেক বিবুদ্ধি।
জানিলো দিলেক ইটো শিয়ালেহে বুদ্ধি॥
খাইবাক মনে বুদ্ধি কৰি আছে মোক।
তাৰ প্ৰতিকাৰ আজি দিবোঁ তহঁতক॥
এহি ভাবি ভোবোলা যে লগাইলেক মাত।
বাঘৰ হিয়াত যেন পৰে বজ্ৰপাত॥
তই পাশৰিলি তাক শুনিয়ো শিয়াল।
দুই গোটা বাঘ অনা হলে বৰ ভাল॥
দুই গোটা নানি কিয় এগোটা আনিলি।
নিশ্চয় জানিবি তই সমুলি মৰিলি॥
এগোটা যে আনি দিলি আৰ গোটা আন।
নানিলে অৱশ্যে আজি তোৰ লৈবো প্ৰাণ॥
যেতিক্ষণে তেনে কথা বাঘে শুনিলেক।
বিমুৰ্চিত হুয়া সিটো জাপ মাৰিলেক॥
পৃষ্ঠা:ভোবোলা চৰিত্ৰ.djvu/৭
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
( ৫ )