তেলেকা দুগোত চকু জলে তৰঙ্গনী।
লপ্ লপ্ কৰি খায় খৰোত্তৰ বাণী॥
কোনজন বীৰ ছাপিবেক তাৰ কাছে।
বিলাহ কৰিয়া ভাবি ৰঙ্গা হুয়া আছে॥
যদি কোনো জন গৈয়া ছাপে তাৰ গুৰি।
দেখা পোৱা মাত্ৰে তাৰ ধাতু যাবে উড়ি॥
শিয়ালে বোলন্ত খুড়া নকৰোহো ভয়।
তেনে কতজন বীৰ তুঞ্জিয়াছো ময়॥
তুমি মাত্ৰ গৈয়া মোক দিয়া দেখুৱাই।
তোমাৰ দুখত ময় পেলাইবোহো খায়॥
বাঘে বোলে হেন কথা নকহিবা তাত।
হাতী সিংহ মাৰি হেনো কৰিলে নিপাত॥
বনে বনে ফুৰে হেনো বাঘক বিচাৰি।
বাঘ নপাইয়া ভৈলেঁ ভোবোকাৰ ডাঁৰি॥
হেনজানি ভাব খাই যাইবা কেন কৰি।
দেখিলে মাত্ৰেকে সিটো খাব আহি ধৰি॥
শিয়ালে বোলয় খুড়া নকৰিবা ভয়৷
নোৱাৰে খাইবাক ৰাখি আনিবোহো ময়॥
বাঘে বোলে বোপা ময় নোৱাৰোহো যাব।
দেখিলে মাত্ৰকে সিটো মোক ধৰি খাব॥
বাঘ বিছাৰিয়া সিটো ফুৰে বনে বনে।
তাৰ আগে পৰিলে ৰাখিবে কোন জনে॥
বুদ্ধি বুদ্ধা কৰি তুমি তাৰ আগে নিয়া।
বাগি দিয়া সাৰিবাহা মোক পেলায় দিয়া॥
পৃষ্ঠা:ভোবোলা চৰিত্ৰ.djvu/৬
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
( ৪ )