ভোলানাথ যিতোজন পাৰ্ব্বতীৰ পতি।
মোৰ নাম ভোবোলা তাহাৰ মই সখী॥
জগত জননী বুলি জানা মহামায়া।
তাহাৰ বলত ইটো ধৰি আছো কায়া॥
নিপাত কৰিলো ময় হস্তী সিংহ মাৰি।
বাঘ বিচাৰোতে মাথো বাঢ়ে গোফ দাঁৰি॥
পৰিচয় দিলো মোৰ নকৰা সংশয়।
এহিসে প্ৰতিজ্ঞা মোৰ মনত আছয়॥
যেতিক্ষণে ময় আজি বাঘ লাগ পাম।
তাহাক ধৰিয়া ময় আগে মাংস খাম॥
হেন কথা শুনি বাঘে ভোবোলা মুখৰ।
দুই চকু মুদি পাছে দিলেক লৱৰ॥
মনত ভাবিয়া যায় জানো লাগ পায়।
প্ৰাণ পৰিশ্ৰমে লৰে পাচক নাচায়॥
হাঁই ফাই কৰি সিটো কতো দুৰ যায়।
শুধিলে শৃগাল গোটে বাটে লগ পায়॥
কি ভৈল তোমাৰ খুড়া দেখো শুকান মুখ।
কাত ভয়ে হোৱাঁ তুমি হেনয় বিমুখ॥
ভৈলোহো সহায় ময় নকৰিবা ভয়।
কোন বীৰ আছে মোক দেখাই দিয়াগৈ॥
নকৰিবা ভয় তুমি মই বিদ্যমানে।
দেখাই দিয়া মাত্ৰে তাৰ বধিবোহো প্ৰাণে॥
সেহি বাক্য শুনি বাঘে মাতিলে দুনাই।
তেনে বীৰ গোট ময় কতো দেখা নায়॥
পৃষ্ঠা:ভোবোলা চৰিত্ৰ.djvu/৫
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
( ৩ )