পৃষ্ঠা:ভোবোলা চৰিত্ৰ.djvu/১৪

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
( ১২ )

হেন কৰ্ম্ম দেখিয়া চোৰৰ ধাতু নাম।
কৈক যাবো কি কৰিবো নাপান্ত উপায়॥
উগুল থুগুল তাৰ মন নোহে শান্ত।
আজি প্ৰাণ যাবে বুলি মনত ভাবন্ত॥
হেন মতে গুণি গাথি মন ঠিৰ কৰি।
ভাঙ্গিলেক এক গোটা ডালক আজুৰি॥
ডালক হাতত লৈই কৰে আঁটি মটি।
বাঘক লাগিয়া মাৰিলন্ত ফৰমুঠি
আগে বান্ধ চাত খায় ভয় হুৱা আছে।
প্ৰাণৰে কাতৰে জাপ মাৰিলন্ত পাছে॥
যেতিক্ষণে জাপ দিয়া বাহিৰে ওলাল।
গিৰ্ গিৰ্ শব্দে বাঘ সমস্তে খহিল॥
কতো বাঘ পৰিলন্ত হাম খুৰি খায়।
কতো বাঘ মৰিলন্ত দান্ত নিকোতায়॥
কতো কতো বাঘৰ ভাগিল হাত ভৰি।
চলিবে নোৱাৰি ফুৰে চুৰ্চৰি বাগৰি॥
কতোজন বাঘৰ ভাগিল পৰি আঠু।
কতো যে বাঘৰ ওলাইলেক নাৰি পেটু॥
দুৰ্জ্জন বাঘৰ সঙ্গে মিলিল দুৰ্গতি।
ভোবোলা চৰিত্ৰ এহিমানে সমাপতি॥
কৰিলোহো ইটো পদ মন অনুমানে।
হেন জানি মোক নিনিন্দিবা কোনো জনে॥
হেনজানি নৰলোক এৰি আন কাম।
পাতক ছাৰোক ডাকি বোলা ৰাম ৰাম॥

————

অন্ত ৷