বুঢ়া বোলে আমাৰ আনত নায় ভয়।
টুপটুপিয়া আসয় বুলি লাগয় সংশয়॥
সেহি কথা শুনি বাঘে মানিলে বিস্ময়।
কিনো অদভূত কথা শুনো আজি ময়॥
সকলো জন্তুতকৰি বোলো ময় বৰা।
মোতো কৈ জানিলো টুপটুপিয়াহে ছৰা॥
মনত বিষাদ কৰি ভাবি চিন্তি আছে।
চাৰি গোটা চোৰ আহি সোমালন্ত পাছে॥
ঘোড়া চুৰি কৰিবাক কৰিয়া আলছ।
ভাল মন্দ বাচি ফুৰে কৰি খচ মচ॥
হাতক ফুৰায়া ঘোড়া পায় হাড় চাল।
কেটেলা মেটেলা ঘোড়া নেপাৱয় ভাল॥
ভাল ঘোড়া নেপাইয়া সি সব এৰিলা।
অকস্মাৎ গৈয়া পাছে বাঘক পাইলা॥
হাত ফুৰাইয়া সিটো পালে হৃষ্ট পুষ্ট।
তাক পায়া চাৰি চোৰ ভৈলা মহা তুষ্ট॥
চোৰৰ হাতত পৰি বাঘে বোলে ভাল।
জানিলো পালেহি মোৰ অন্তিমৰ কাল॥
টুপটুপিয়া বুলি বুঢ়ায় কইছিল।
মোৰ দুৰ্দ্দশাৰে আজি আগতে মিলিল॥
ভাগ্যক্ৰমে ভেবোলাত সাৰি যে আহিলো।
উপায় নেদেখো এবে নিধালে মৰিলো॥
হৰি হৰি কিনো মোৰ অভাগ্য কপাল।
যৈকে যাও তৈতে মোৰ বাঢ়য় জঞ্জাল॥
পৃষ্ঠা:ভোবোলা চৰিত্ৰ.djvu/১০
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
( ৮ )