পৃষ্ঠা:ভেনিচৰ সাওদ.pdf/৪১

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৬
ভেনিচৰ সাওদ

কলে, “মঙহ কাটোঁতে যদি সৰহকৈ তেজ ওলাই এন্টোনিও মৰে, সেই বাবে দয়াপৰবশ হৈ শ্বাইলকে তাৰ নিজৰ খৰচত এজন বেজ অনায় যদি ভাল হয়। শ্বাইলকে আচৰিত মানি ক'লে, “দলিলত এই বিষয় লেখা আছে নে? যদিহে নাই সি কেনেকৈ হব?” দলিলত অৱশ্যে এই বিষয়ৰ একো উল্লেখ নাছিল। সেই দেখি বেজ অনা নহল।

 তেতিয়া এণ্টোনিৱে বেচানিওৰপৰা বিদায় ললে। বেচানিওক শোক কবিবলৈ মানা কৰিলে আৰু কলে যে, ভগৱান তেওঁৰ প্ৰতি সুপ্ৰসন্ন, কিয়নো অতীত ঐশ্বৰ্যৰ কথা ভাবি দুখীয়া হৈ জীৱনৰ শেহ কেটা দিন কটোৱাতকৈ সোনকালে মৰা ভাল। তেওঁ যে এনেকৈ সোনকালে মৰিবলৈ ওলাইছে, তাত তেওঁ বৰ সুখী। বেচানিওৰ ঘৈণীয়েকক নিজৰ শেহ দশাৰ কথা ক'বলৈ কলে আৰু তেওঁ যে বেচানিওক মৰম কৰিছিল ইত্যাদি কথা কৈ বিদায় ললে।

 বেচানিও— “এণ্টোনিও, মোৰ নিজৰ জীৱনতকৈও মই মোৰ ঘৈণীক মৰম কৰোঁ, কিন্তু মোৰ নিজৰ জীৱন, মোৰ ঘৈণী, সমগ্ৰ পৃথিবী মই হেৰুৱাম, এই পিশাচক সকলো দিম, তোমাক যদি তাৰ হাতৰপৰা উদ্ধাৰ কৰিব পাৰোঁ।”

 গ্ৰেটিয়ানোই কলে— “মোৰো ঘৈণীক মই ভাল পাওঁ, কিন্তু এতিয়া মনত হৈছে তাই স্বৰ্গ লৈ গৈ কোনো দেৱতাক এই পিশাচটোৰ স্বভাৱ পৰিবৰ্তন কৰিবলৈ সাধিলে আমাৰ উদ্ধাৰ হয়।”

 পোৰ্শ্বিয়া আৰু নেৰীচাই সকলো শুনি কলে যে, “ভাগ্যেহে তোমালোকৰ ঘৈণীয়েৰাহঁত ওচৰত নাই। থকা হলে বিষম হ'লহেঁতেন।”

 শ্বাইলকৰ এইবোৰ ভাল লগা নাই। সি কেৱল মঙহ কাটিবৰ বাবে ব্যস্ত। কেতিয়া মঙহ কাটিম, কেতিয়া মঙহ কাটিম কৰিব লাগিছে।