পৃষ্ঠা:ভেনিচৰ সাওদ.pdf/৩৯

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৪
ভেনিচৰ সাওদ

মুকুটতকৈও দয়াই ৰজাৰ শোভা বৰ্ধন কৰে। ৰজাৰ ৰাজদণ্ড পাৰ্থিব শক্তিৰ চিন মাথোন, কিন্তু দয়াশীলতা তাতকৈও শক্তিমান; কিয়নো, ই ঐশ্বৰিক শক্তি। বিচাৰ কৰোঁতে যদি বিচাৰ আৰু দয়া একেলগ কৰি বিচাৰ কৰা যায়, তেনেহলে ঐশ্বৰিক শক্তি পাৰ্থিব শক্তিৰ লগ লাগি বিচাৰ ন্যায় হয়। সেই দেখি শ্বাইলক, তোমাক যদি আইনমতে বিচাৰ লাগে, এই সাওদৰ বিপক্ষে আমি বিচাৰ কৰিব লাগিব। কিন্তু ইহুদী, এই কথা মনত ৰাখি উত্তৰ দিবা যেন—এই সাওদৰ প্ৰতি দয়া কৰি তোমাক যেনেকৈ বিচাৰপ্ৰাৰ্থী হবলৈ কৈছোঁ, আমি সেই অৱস্থাত আটায়ে সেই তেনেকৈ আমাৰ প্ৰতি বিচাৰ ইচ্ছা কৰোঁ; কিয়নো, কেৱল বিচাৰ বিচাৰিলে আমাৰ কাৰো উদ্ধাৰ নাই। মোৰ ইমান কথা কবৰ আৰু একো অৰ্থ নাই-কেৱলমাত্ৰ এই যে তুমি যদি আইনমতে বিচাৰপ্ৰাৰ্থী হোৱা, তেনেহলে এই সাওদৰ আৰু নিস্তাৰ নাই, সাওদৰ বিপক্ষেই আমাৰ ৰাই দিব লাগিব।”

 শ্বাইলকে সেইবোৰ কথা মুঠেই নুশুনি কেৱল “বিচাৰ, বিচাৰ, আইনমতে, দলিলত লেখা চুক্তিৰ বিচাৰ হওক” এই কথা কলে।

 পোৰ্শ্বিয়াই শুধিলে, “সাওদ এন্টোনিয়ে টকা দিব নোৱাৰে নে?”

 বেচানিও— “এইয়া মই টকা লৈ হাজিৰ। মই দুগুণ দিম। মই দহ গুণ দিবলৈ প্ৰস্তুত আছোঁ— যদি হে নোৱাৰোঁ, তেনেহলে তাৰ সলনি মোৰ মুখ, হৃদয়, হাত যি লাগে সকলো দিম। ডাঙৰীয়া, আপুনি এটা মহৎ কাম কৰিবৰ বাবে এটা ক্ষুদ্ৰ দোষ কৰক, যেনে কৰি হওক কূট তৰ্ক কৰি আইনক হৰুৱাই আমাৰ ফলীয়া কৰক।”

 পোৰ্শ্বিয়া— “এনে কথা কেতিয়াও হব নোৱাৰে। ভেনিচৰ আইন অচল অটল। এবাৰ যি আইন হৈছে, সেই আইনেই আইন। এবাৰ যদি তেনে কৰা যায়, সেই দৃষ্টান্ত দেখি আনেও তেনে কৰিব; পাছত