পৃষ্ঠা:ভেনিচৰ সাওদ.pdf/৩৬

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২১
সপ্তম অধ্যায়।

মানা কৰা যেনে ইও তেনে। এইবোৰ টান কথা; কিন্তু ইহুদীৰ নিৰ্ম্মম হৃদয়ক দ্ৰৱ কৰা সকলোতকৈ টান। আৰু তাৰে সৈতে তৰ্ক নকৰি মোৰ বিচাৰ হবলৈ দিয়া, ইহুদীৰ ইচ্ছা পূৰণ হওক।”

 তেতিয়া বেচানিৱে শ্বাইলকক কলে, “হেৰ, তোৰ তিনি হাজাৰ টকাৰ সলনি ছয় হাজাৰ ল, মোৰ বন্ধুক এৰি দে।” শ্বাইলক অচল অটল। সি কলে, “এই ছয় হাজাৰ ডাকাটৰ একোটা একোটা ডাকাট যদি ছভাগ কৰা হয় আৰু প্ৰত্যেক ভাগ যদি একোটা ডাকাট কৰা হয়, তেনেহলেও মোক টকা নেলাগে, টকা নলওঁ। দলিলত যি লেখা আছে, সিহে হ'ব লাগে। দলিলৰ চুক্তি মতে কাম হওক।”

 ডিউকে কলে, “তই যদি আনক দয়া নকৰ, আনে তোক কেনেকৈ দয়া কৰিব?”

 শ্বাইলকে কলে, “মোক বিচাৰ লাগে। মোৰ কেৱল এই মাত্ৰ ভিক্ষা। বিচাৰ, বিচাৰ লাগে। আপোনাসকলৰ বহুতো গোলাম আছে, সিহঁতক আপোনাসকলে কিনিছে দেখি কত যন্ত্ৰণা, কত কষ্ট, কত অসহনীয় কাম কৰায়, কুকুৰ গাধৰ দৰে সিহঁতৰ প্ৰতি ব্যৱহাৰ কৰে। যদি হে অপোনালোকক শোধোঁ এনে অন্যায় ব্যৱহাৰ কিয় কৰে? আপোনাসকলে কি উত্তৰ দিব? নকব নে যে ‘আমি ইহঁতক কিনিছোঁ, গোলামক আমাৰ যি মন যায় কৰিম?’ যদি মই কওঁ যে, গোলামহঁতক স্বাধীন কৰি এৰি দি আপোনাসকলৰ জীয়ৰীৰ সৈতে বিয়া দিয়ক, সিহঁতক সুখাদ্য বস্তু খাবলৈ দিয়ক, ভাল শয্যাত শুবলৈ দিয়ক, আপোনাসকলে নকব নে গোলাম আমাৰ, আমি যি ইচ্ছা কৰিম? ময়ো তাকে কওঁ। এণ্টোনিওৰ গাৰ আধা সেৰ মঙহ মোৰ; মোৰ যেতিয়া মই লমেই লম। এই আধা সেৰ মঙহৰ বাবে মই বহুতো ৰূপ দিবলগীয়াত পৰিছোঁ। মোক বিচাৰ লাগে। মই