পৃষ্ঠা:ভেনিচৰ সাওদ.pdf/৩৫

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২০
ভেনিচৰ সাওদ।

কি কৱ, ইহুদী? তই যে আমাক আমাৰ ভাল লগা উত্তৰ দিবি জানো।”

 শ্বাইলকে উত্তৰ দিলে, “স্বৰ্গদেৱ, মই আপোনাক ইতিপূৰ্বেই মোৰ যি কবলগীয়া আছিল কৈছোঁ। আৰু মোৰ কবৰ একো নাই। যদিহে দলিলৰ মতে মোৰ বিচাৰ নহয়, তেন্তে আপোনাৰ আইনক ধিক্‌ আৰু আপোনাৰ চহৰ যেন হতশ্ৰী হয়। আপনি যদি মোক শোধে মই তিনি হাজাৰ ডাকাটৰ সলনি আধা সেৰ মঙহ কিয় লওঁ, তাৰ উত্তৰ মই দিওঁ—মোৰ ইচ্ছা। মোৰ ঘৰত এটা এন্দুৰে যদি দৌৰাত্ম কৰে, মই যদি তাক মাৰিবৰ বাবে দহ হাজাৰ ডাকাট দিওঁ, তাত কাৰ হৰণ-ভগন? আৰু উত্তৰ লাগে নে? বাৰু শুনক, —কোনো মানুহৰ গাহৰি দেখিলে গা কেনেবা কৰে, সি ভাল নেপায়; কোনো মানুহৰ আকৌ এটা মেকুৰী দেখিলেই চুৰ্ত্তি হেৰায়; কোনো মানুহৰ আকৌ কালী পেঁপা বজোৱাৰ মাত শুনিলে বিৰক্ত বোধ হয়;—এইবোৰ মানুহক যদি কাৰণ শোধা যায় তেওঁলোকে কাৰণ কব নোৱাৰে। ময়ো এণ্টোনিওক কিয় ঘিণাওঁ, তাৰ কাৰণ দিব নোৱাৰোঁ, আৰু পাৰিলেও নিদিওঁ।”

 বেচানিৱে কলে, “শ্বাইলক, এইবোৰ কথা স্বৰ্গদেৱে শোধা কথাৰ উত্তৰ হ’ল নে? স্বৰ্গদেৱে কি শুধিছিল আৰু তই কি উত্তৰ দিছ?”

 বেচানিও আৰু শ্বাইলকৰ অলপ তৰ্ক হোৱা শুনি এণ্টোনিৱে কলে, “ইহুদীটোৰে সৈতে তৰ্ক কৰি কি লাভ, বেচানিও? তাৰ নিষ্ঠুৰ হৃদয়। সাগৰৰ দাঁতিত থিয় হৈ সমুদ্ৰক জোৱাৰৰ সময়ত প্ৰতিদিন যলৈকে ঢৌ আহে তালৈ ঢৌ নাহিবলৈ কোৱাটো যেনে, বাঘে কিয় এহাল ভেড়াৰ মতাটোক খাই মাইকীজনীক কন্দুৱাইছে, বাঘক ইয়াৰ উত্তৰ দিবলৈ কোৱা যেনে, আৰু গছৰ পাতক বতাহ লাগিলে লৰিবলৈ