পৃষ্ঠা:ভেনিচৰ সাওদ.pdf/৩২

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৭
ষষ্ঠ অধ্যায়।


কৰিম। সেই শিক্ষাৰ ফলে মোৰ প্ৰতিশোধৰ জোখ অলপ নবঢ়াই যদিহে ভাল।

 “খত, খত, খত, তাক তাৰ খতৰ মতে কাম কৰিবলৈ কবা। দেউলীয়া এটা, তাৰ ইমান ফুটনি, সি মোক সুত-খোৱা বুলি ঘিণায়! ভিকহু হৈ সি কেনে ফিটফাট হৈ ৰিয়াণ্টোলৈ আহিছিল। ভিকহু, দেউলীয়া, তাৰ ইমান গপ্! খত, খত, খতৰ কথা মতে সি যেন চলে।“

 এই খিনিতে টিউবাল নামে আৰু এটি ইহুদীৰ লগত দেখা হোৱাত শ্বাইলকক এৰি এণ্টোনিওৰ ঘৰলৈ চালানিও আৰু চালাৰিনো গ’ল।

 এই টিউবালক শ্বাইলকে জেচীকাক বিচাৰি পঠাইছিল। আৰু ইয়াৰ মুখে জেচীকাৰ পলোৱাৰ বিৱৰণ আৰু তাই হীৰাৰ আঙঠি এটি বেচি ৰূপ লোৱাৰ কথা শুনি শোক, আৰু এণ্টোনিওৰ মহা বিপদৰ কথা শুনি আনন্দ একেলগে শ্বাইলকে কৰিবলৈ ধৰিলে।

 তিনি মাহ উকলি যোৱাত শ্বাইলকে ভেনিচৰ ডিউকৰ কচাৰিত এণ্টোনিওৰ নামে গোচৰ কৰালে। গোচৰ কৰাৰ আগেয়েই এণ্টোনিওক শ্বাইলকে বন্দী কৰালে। এণ্টোনিওৰ বন্ধু-বান্ধৱৰ কাকুতি মিনতি সি নুশুনিলে।

 এণ্টোনিওৱে এবাৰ বেচানিওক শেহ দেখা দেখিবৰ ইচ্ছুক হৈ চিঠি লেখিলে—আৰু এই চিঠি পোৰ্শ্বিয়া বেচানিও আৰু নেৰীচা গ্ৰেটিয়ানোৰ মিলন হৈ যোৱাৰ অলপ পাছতে বেচানিৱে পালে। এই চিঠি চালানিৱে লৈ যায়। লৰেঞ্জো আৰু জেচীকাও তেওঁৰ লগত গৈছিল। তেতিয়াই পোৰ্শ্বিয়াই বেচানিওক ক’লে, "তোমাৰ তেওঁ ইমান উপকাৰী বন্ধু, তেওঁৰ বাবে তিনি হেজাৰ ডাকাট কিয়, ছহেজাৰ ডাকাট দিম। ইয়াৰ দুগুণ দিম, তিনি গুণ দিম, তথাপি এনেজন বন্ধুৰ চুলিৰ আগ এডোখৰো নষ্ট হ’ব নিদিওঁ। তোমাৰ দোষৰ বাবে এনে এজন বন্ধুৱে