পৃষ্ঠা:ভেনিচৰ সাওদ.pdf/৩০

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৫
ষষ্ঠ অধ্যায়

টকা গ’ল! খ্ৰীষ্টানক শাও দিয়া আৰু নিজৰ হিয়া ভুকুৱাৰ বাহিৰে বুঢ়াৰ আৰু একো নৰ’ল।

⸻:o:⸻


ষষ্ঠ অধ্যায়।

 যি জাহাজ উভতি অহাৰ ওপৰত নিৰ্ভৰ কৰি এণ্টোনিৱে শ্বাইলকৰ পৰা টকা ধাৰ কৰিছিল, তেওঁ বাতৰি পালে যে মাজ সমুদ্ৰত সেই জাহাজ সকলো সম্পত্তিৰে সৈতে তললৈ গ’ল। এই জাহাজতে এণ্টোনিওৰ সৰ্বস্ব আছিল। সেই দেখি এই জাহাজ তল যোৱাৰ লগে লগে তেওঁৰ আৰ্থিক অৱস্থাও তললৈ নামিল।

 ইপিনে খতৰ তিনি মাহ পাৰ হ’ব লগা হ’ল। এণ্টোনিও মহা ভাৱনাত পৰিল। তেওঁ ক’ৰপৰা টকা দিয়ে? তেওঁৰ এই অৱস্থা দেখি শ্বাইলকৰ মহা আনন্দ; কিয়নো এইয়ে তাৰ সেই ইমান দিনৰ পৰা মনে মনে আলচি সাঁচি থোৱা প্ৰতিশোধৰ সুযোগ। এই প্ৰতিশোধ ল’বলৈকে শ্বাইলকে ইমান দিন বাট চাই আছিল।

 এই জাহাজ ডুবাৰ বাতৰি পাই চালানিও আৰু চালাৰিনোৱে শ্বাইলকৰ সৈতে বাটত দেখা হোৱাত তাক সুধিলে, “বাৰু, শ্বাইলক, কচোন বাৰু, যদি এণ্টোনিয়ে তোৰ ৰূপ কেহেজাৰ তিনি মাহ উকলি যোৱাৰ আগেয়ে দিব নোৱাৰে, তেনেহ’লে তই সঁচাসঁচিকৈয়েই তেওঁৰ গাৰ মঙহ কাটি লবি নে? তাৰে তোৰ নো কি উপকাৰ হ’ব?“

 শ্বাইলক– “মাছ ধৰিবলৈ লাগে। আৰু যদিও আন উপকাৰ নহয়, তাৰে যদি আন কাম একো নহয়, মোৰ প্ৰতিশোধ লোৱাৰ কাম চলিব তো? সি মোক কিমান অপমান কৰিছে, কিমান লাজত পেলাইছে।