বৰণ ভূতৰ দৰে হয়, মোক বিয়া কৰাতকৈ তেওঁ যেন আমাৰ পাদুৰীৰ আগত যেনেকৈ আমি অপৰাধ স্বীকাৰ কৰোঁ, সেই দৰে মোৰ “কন্ফেশ্যন” [১] শুনে।”
এণ্টোনিওৰপৰা সেইৰূপ অঙ্গীকাৰ-পত্ৰ পাই শ্বাইলকে বেচানিওক টকা দিলে। বেচানিও বেলমণ্টলৈ যাবলৈ ওলোৱা দেখি গ্ৰেটিয়ানেও লগ ধৰিলে। প্ৰথম বেচানিওই গ্ৰেটিয়ানক লৈ যাবলৈ ইচ্ছা নকৰিছিল। তেওঁ কৈছিল, “গ্ৰেটিয়ানো, তুমি যাব খুজিছা, যাবা, বেছ কথা; কিন্তু এটি কথা তোমাক কওঁ,—তোমাৰ আনন্দ, চিয়ঁৰ-বাখৰ, ৰং-ধেমালি আমাৰ ভাল লাগে আৰু তোমাক সেইবোৰে শুৱায়ও; কিন্তু আমাৰ যিবোৰ ভাল লাগে, আন মানুহৰ সেইবোৰ ভাল নেলাগিবও পাৰে। সেই দেখি মোৰ অলপ ভয়ো লাগে—যি বস্তু বিচাৰি তালৈ যাবলৈ ওলাইছোঁ, জানোছা তাকে হেৰুৱাওঁ।”
গ্ৰেটিয়ানোৱে উত্তৰ দিলে—“চিনিয়ৰ বেচানিও, সত্যে সত্যে কৈছোঁ, মই তাত এনে নকৰোঁ; কিন্তু আজিৰ বাদ দিব, আজি মই যি কৰোঁ, তাক কিন্তু বেলমণ্টত মোৰ ব্যৱহাৰৰ চানেকী বুলি নলব।”— এইটো সেই দিনা ৰাতি ভোজৰ কথা।
⸻:o:⸻
- ↑ ⁕ কন্ফেশ্যন— ৰোমান কেথলিক সম্প্ৰদায়ৰ মানুহে পাদুৰীৰ আগত কোনো নিৰ্দ্ধাৰিত সময়ত তেওঁলোকৰ পাপ, দোষ, অপৰাধৰ কথা কৈ পাদুৰীৰপৰা ক্ষমা লৈ পুণ্য সঞ্চয় কৰে আৰু পাপ ধৌত কৰে। ইয়াৰে নাম কন্ফেশ্যন। দেখিবলৈ শুৱনি নহলে যে বিয়া কৰাবলৈ পোৰ্শ্বিয়াৰ মন নাই, ইয়াৰে সেইটো প্ৰকাশ পায়।