পৃষ্ঠা:ভেনিচৰ সাওদ.pdf/১৮

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
দ্বিতীয় অধ্যায়।

পৃথিবীৰ চাৰিউপিনৰপৰা ৰজা মহাৰজা আৰু আন আন বিখ্যাত মানুহ তেওঁৰ পাণিগ্ৰহণ কৰিবৰ বাবে বেলমণ্টলৈ আহে। মই যেতিয়া বেলমণ্টলৈ গৈছিলোঁ তেওঁৰ দৃষ্টি, ভাব চাই মোৰো মনত হৈছিল যে, ময়ো যদি তেওঁলোকৰ দৰে পাণিগ্ৰহণেচ্ছু হওঁ, মোৰ কৃতকাৰ্য্য হবৰ আশা আছে। সেই দেখি বন্ধো, তোমাক কওঁ, মোৰ যদি অৰ্থৰ বল থাকিলহেঁতেন, ময়ো চেষ্টা কৰি চালোঁহেঁতেন।”

 এণ্টো—“তুমি জানা মোৰ সৰ্বস্ব এতিয়া বিদেশত বেপাৰত লগাইছোঁ। এতিয়া মোৰ হাতত এনে কোনো সম্পত্তি নাই, যাক দি তোমাক সাহায্য কৰিব পাৰোঁ। সেই দেখি বন্ধো, যোৱাঁ ভেনিচৰ বজাৰত মোৰ নামৰ ওপৰত তুমি যদি টকা লব পাৰা চেষ্টা কৰাগৈ। ময়ো চেষ্টা কৰোঁগৈ। মোৰ নামে যদি পাৰে, তুমি বেলমণ্টৰ দেবী পোৰ্শ্বিয়াৰ ওচৰলৈ নিশ্চয় যাবা। আহাঁ বন্ধো! দুয়ো যাওঁ।”

⸻:o:⸻


দ্বিতীয় অধ্যায়।

 ভেনিচ বৰ সমৃদ্ধিশালী চহৰ। তাত বেহা-বেপাৰ ভাল আছিল। নানান্ দেশৰ বেপাৰী আহি তাত লগ লাগিছিলহি। খৃষ্টান বেপাৰীসকলে য়িহুদী বেপাৰীসকলৰ সৈতে যদিও ব্যৱসায় বাণিজ্য কৰিছিল, তথাপি তেওঁলোকৰ ভিতৰত সদ্ভাৱ নাছিল। খ্ৰীষ্টানসকলে য়িহুদীসকলক ঘিণাইছিল, আৰু য়িহুদীসকলেও খ্ৰীষ্টানসকলক ঘিণাইছিল।

 শ্বাইলক নামে এজন য়িহুদী ভেনিচৰ বেপাৰী আছিল। তেওঁৰ প্ৰধান ব্যৱসায় আছিল টকা ধাৰে দিয়া,—বাঢ়িলৈ অৱশ্যে; আৰু সেই বাঢ়ি আচল ধনতকৈ প্ৰায়ে কম নহৈছিল। এই শ্বাইলকে খ্ৰীষ্টানক