পৃষ্ঠা:ভেনিচৰ সাওদ.pdf/১৭

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
ভেনিচৰ সাওদ ।

আৰু গ্ৰেটিয়ানো লগ লাগিলহি। লৰেঞ্জোৰ বিষয়ে পাছে কোৱা যাব। গ্ৰেটিয়ানো, এণ্টোনিও আৰু বাচানিওৰ বন্ধুসকলৰ ভিতৰত আটাইতকৈ ৰং ধেমালি ভাল পোৱা ডেকা। তেওঁৰ মনৰ ভাব আছিল যে যিমান দিন জীয়াই থকা যায়, ৰং ধেমালিৰেই কটোৱা ভাল; বুঢ়া বয়সক ৰং ধেমালি কৰি মনৰ আনন্দেৰেই সাদৰ কৰি অনা ভাল; মিছাকৈয়ে দুখ বেজাৰ কৰা নিষ্প্ৰয়োজন।

 নানান্ কথা-বতৰাৰ পাছত, ৰাতিকৈ ভোজত এণ্টোনিও আৰু বাচনিওৰে সৈতে দেখা হব বুলি তেওঁলোেক দুজনক তাতে একেলগে এৰি আনসকল দিহাদিহি নিজৰ নিজৰ কামলৈ গল।

 এণ্টোনিও আৰু বাচানিও দুয়ো কথা পাতিবলৈ ধৰিলে,⸺

 এণ্টোনিও—“বন্ধো বাচানিও, তুমি যে মোক আজি কম বুলি কৈছিলা, কোৱাঁচোন বাৰু, কোন সুন্দৰীক নো মনে মনে চাবলৈ যাম বুলি ভাবিছা?”

 বাচানিও—“তুমি জানা এণ্টোনিও, মোৰ আৰ্থিক অৱস্থা এতিয়া কেনে?”

 “তোমাক মই সকলোতকৈ বেছি দিব লগীয়া। তোমাৰ মৰম মই বহুতো পাওঁ আৰু টকাও তোমাক বহুতো দিব লাগে। সেই দেখি আকৌ যে টকা খুজিম, ই মোৰ ভাল নেলাগে। তুমি মোৰ বন্ধু সেই দেখি তোমাক মই মোৰ সুখ দুখৰ কথা নকৈ কাক কম? সৰুতে কাঁড় ধনুৰ খেল খেলোঁতে যেতিয়া এপাত কাঁড় হেৰুৱাইছিলোঁ, আৰু এপাত কাঁড় সন্ধান কৰি ঠিক সেই ফালেই মাৰি পঠিয়াইছিলো—সৰহ বাৰতে দুই পাত কাঁড়কে পাইছিলোঁ। এতিয়াও এণ্টোনিও, সেই তাকে কৰিব খোজোঁ। বেলমণ্ট চহৰত অনুপমা সুন্দৰী মহিলা এজনী আছে। তেওঁৰ যেনে ৰূপ, তেনে গুণ, তেনে ধন। তেওঁৰ নাম পোৰ্শ্বিয়া।