পৃষ্ঠা:ভেকোলাৰ সপোন.pdf/৩২

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

কোনে দিলে খঙ, ৰাগ
 কোনে দিলে কান্দোন
কোনে দিলে হাঁহি, ৰঙ
 কোনে দিলে ওফোন্দ।
এধানি বাইদেৱেও
 খালে থত্ মত্
এৰা, দেখোন কথাটো
 বৰ জট্ পট।
বাইদেৱে বোলে ভাই
 দিলে ছাগৈ কোনোবাই
তোৰ মোৰ নামটো হ'লে
 দিলে মা-দেউতাই।

⸻⸻o⸻⸻

(২৮)