পৃষ্ঠা:ভূত নে ভ্ৰম.pdf/৫৭

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৯৬১
ভূত নে ভ্ৰম।

সোণ।— মোৰ অন্তৰৰ ভাবো সেয়ে। ভূত বুলি যে একো এটা নাই, সি যে কেৱল ভ্ৰম হে, তাত আৰু আজিৰপৰা মোৰ সন্দেহ নাইকিয়া হল। মিষ্টাৰ ৰাজখোৱাৰ পটন্তৰ দি, আন-আনৰ অন্তৰৰপৰাও ভূত-ভ্ৰম গুচাবলৈ পাৰ্য্যমানে যত্ন কৰিম।

ফজল।—হঁচাকৈ কৈছোঁ, মোৰ মনৰপৰাও আজি ভূত-বিশ্বাসৰ ডাৱৰ গোটেই বখলা বৰষি অন্ত পৰিল। মই এতিয়া বৰ মুকলি পাইছোঁ। আজিৰপৰা আৰু ভূত-বিশ্বাসৰ সন্দেহে মোক টলাব নোৱাৰে। হঁচাকৈয়ে, মই আজি হে খাতংকৈ বুজিলো, ভূত নহয় ভ্ৰম হে।

(হঠাৎ এটা বেজ আৰু এটা কানীয়াৰ প্ৰৱেশ)

বেজ।—ডেকাদেউসকল! তোমোলাকৰ কথন-মথন আঁৰে-আঁৰে সকলো শুনিলোঁ। তেন্তে, আমাৰ জীবিকা উপায় নো চিন্তিলাহঁক কি? ভূত খেদিবলৈ বেজ নেলাগিলেচোন আমি নিগমে মৰিলোঁ!

কানীয়া।—এৰা, ভূত নামানিলে আমি নো তৰিম কেনেকৈ পিচে? ভূত- পূজাৰ লাচতে কানীয়া-ভকতক নুপূজিলে, আমাৰ টিকিৰা পোৰাৰো আধ্যা পৰিব দেখেন?

ভূতনাথ।—আধ্যা পৰিবই লাগিব। সদ্যহতে, তোমালোক কানীয়া অংক বেজবিলাকে নিজৰ কু-অভ্যাস এৰি, ৰাইজক সু-অভ্যাস দেখুৱাবলৈ ধৰাহঁক। তাৰ পাচত, আমাৰ লগতে অজলা ৰাইজক এই বুজনি দি ফুৰিবাহঁক যে, সংসাৰত ভূত বুলি একো এটা নাই;—ভূত নহয় ভ্ৰম হে।

কানীয়া।—কি নো বলিয়াৰ দৰে বকিছাঁ, বপা! কানীয়াই নো কানি এৰিব পাৰে নে? ভূতৰ কথা এৰিছোঁ বাৰু, কানি এৰিম কেনেকৈ? কানি নেপালে থিতাতে নমৰিম নে?

৬৫