একঠা খুৱাবলৈ বুলি আম্ৰলীয়া হাঁহ এটা বিচাৰি ওলাইছোঁ ৷ পাম নে তহঁতৰ গাঁৱত?
২য়,৷—ওঁ, পাবি। পিচে, এটা কথা নহয়! জল্শাই ডাঙৰীয়াৰ হৈ বগা হাঁহেৰে হে চাউল খুৱায়। ক’ত নো বুঢ়া হলি, ইমানটো কথাৰে বুজ নাই !
১ম,৷—এৰা, বুপাই। কিবা বোলে নে, চন্বলিয়াৰ দৰে হে হৈছোঁ ৷ নৰীয়াক পৰ দিওঁতে দিওঁতে চকুৰ টোপনি আৰু পেটৰ ভাতো হেৰাইছে ।
২য়৷—নকবি আৰু ককাইটি। মোৰো সেই দশা !
১ম,৷—কিয়, কি হৈছে? তহঁতৰ ঘৰতো কিবা পয়মাল হৈছে নে কি ?
২য়,৷— নহয় নো কি আকৌ ৷ আজি সাদিন একেটা জ্বৰে মোৰ সৰু ছোৱালীটী চেপেটা কৰিলে ককাই। গল ৰাতিৰপৰা আকৌ কোনোবা এজন দেউ-ভূত লাগিছেহি; নৰীয়াই চাটিফুটিকৈ বলকিব লাগিছে, তৰণিকে পোৱা নাই !
১ম,৷—পিচে, কি বেৱষ্টা নো কৰিছ?
২য়,৷—কৰিম নো কি! জৰী এগছকে জৰাই নিবলৈ বুলি, তহঁতৰ গাঁৱৰ ‘পণ্ডিত-বুঢ়াৰ’ কাষলৈ লৰি আহিছোঁ। পামগৈ নে তেওঁক ঘৰত ?
১ম,৷—ওঁ,পাবিগৈ। মই আহোঁতে তেওঁ খাই উঠি মুহুদি লৈছিল। যা,যা, পণ্ডিত-বুঢ়াৰ জৰীয়ে বৰ গুণ দিব?
২য়,৷—এৰা, তেওঁৰ বৰ নাম। তেওঁৰ নাম শুনিলেই হেনো ভূত পলায়।
১ম,৷—নকৈছোঁ। তেওঁ এগৰাকী বৰ বিচৈখনীয়া বেজ। অঃ, তেওঁৰ গাত ভালেমান গুণ আছে,বুপাই।