১ম, ছেলা।— (টানিবলৈ দিহা লগাই লৈ) বোম্ বোম্ বোম্ মহাদেৱ! খানেৱালাকে খড়ি মাটি, দেখনাৱালাকো পেট ফাটি, বোম্ (দীঘলকৈ এটা টান মাৰি চিলিমৰ ওপৰলৈ জুই উলিয়াই নাকে- মুখে ধোৱাঁ বাহিৰ কৰে)।
১ম ও ২য়, ছেলা।—(কেইবাৰমান ভাংচিলিম দুইৰ মাজত সলনা সলনিকৈ টানি জলকা লাগে)।
২য়, ছেলা।—(চঁক্ লৈ) জানিছাঁ নে ভাই, এওঁ বেবাজী হেনো নিজেই এটা ভূত!
১ম, ছেলা।—ওঁ, শুনিলোঁ তো এতিয়াই তেওঁ কোৱা। আৰু, শুনিছোঁ এওঁ হেনো মৰিশালিলৈ গৈ মৰা-শৱৰ ওপৰত বহি ময়াপী ভূতৰ লগত কথা পাতি থাকেগৈ।
২য়, ছেলা।—নিজে ভূত নহলে নো বাৰু এনে অদ্ভুত কাম কৰিব পাৰে নে?
১ম, ছেলা।— নোৱাৰে নোৱাৰে। আৰু, কাৰ সাধ্য, অকলে মৰিশালিলৈ যায় এন্ধাৰ ৰাতি!
২য়, ছেলা।—পিচে, আমি এনে জনৰে সৈতে সঙ্গ পতাটো ভাল হৈছে জানো? এওঁ আমাক ছলিছে যেন পাইছোঁ
১ম, ছেলা।—ওঁহুঁ, নাই হোৱা, নাই হোৱা ভাল। কেতিয়াবা ৰক্ষকেই ভক্ষক হব পিচে!
২য়, ছেলা।—(ধ্যানমগ্ন সন্ন্যাসীৰ চকুলৈ আঙ্গুলিয়াই) চোৱাচোঁ, চোৱাচোঁ হেৰা, চকুযোৰে কেনে কৰিছে!
১ম, ছেলা।— ঔ আই! হয়ো কি নহয়! চকু-আঙনিয়েদি কিবা এটা ওলায়-ওলায় যেন দেখি যাওঁচোন।
২য়, ছেলা।—নেদেখি নো কি! ঔ আই! চাওঁতেই ধৰেহি ধৰেহি যেন লাগি যায়। জানিছানে, এই ছেগতে পলোৱা ভাল। নহলে—