সন্ন্যাসী।—যাতাহেঁই বহুত-বড়া। কামকোৱাস্তে।
২য়, ছেলা।—কিয়া কাম, বেবা?
সন্ন্যাসী।—ওই কাম্কা বাত্ আভি তোম্কো বাটানেকো বখত্ নাহিহেঁই।
২য়, ছেলা।—এচ্ছা বেবা! হুঁৱা যানেকো আপনাকো ডৰ্ নাহি লাগে?
সন্ন্যাসী।—ক্যা ডৰ্? কিচ্কো ডৰেগা?
২য়, ছেল।—কিয়, ভূতকো নাই ডৰ্ কৰেগা?
সন্নাসী।—আৰে, চব ভূতকে হাম আপ্না কৰ্কে লিয়াহেঁই। আভি হাম ভূতকো নাহি ডাৰ্তাহেঁই।
২, ছেলা।—ভূত কেইচা মাফিক আপোন হগা বেবা?
সন্ন্যাসী।—আৰে, বুৰ্ব্বক! পঞ্চভূত তো হামাৰা আপ্না বদনমেই হেঁয়। উচ্মে বাহৰকা তবাম ভূত জম্গিয়াহেঁই। অভি হাম্ পুৰা ভূত হো গিয়াহেঁই।
২য়, ছেলা।—(আতঙ্কিত হৈ মনে মনে) কিনো কয় এওঁ! এওঁ হেনো নিজেই এটা পুৰা ভূত! বুপায়, আমিচোন আচলটোৰে সৈতেই সঙ্গ পাতিছোঁহি।
১ম, ছেলা—(ভাংচিলিম লগাই আগবঢ়াই দি) ধৰিয়ে বেবাজী।
সন্ন্যাসী।—ভাংচিলিম টানিবলৈ দিহা লগাই লৈ) বোম্ সদাশিব, বোম্ কৈলাসপতি, বোম্ মুক্তিনাথ বাবা, বোম্! (চিলিমত টান মাৰি নাকে-মুখে ধোৱাঁ এৰি, তাৰ পাচত আকৌ দুটা টান মাৰি লৈ চিলিম ছেলাৰ হাতলৈ দিয়ে) আভি পিউ তোম্লোক। (চকু মুদি ধ্যানত মগ্ন হয়)।
২, ছেলা।— (স্ফূৰ্ত্তিৰে সৈতে ভাং চিলিম টানিবলৈ চিয়াই লৈ) বোম্ মহাদেৱ! বোম্। (দীঘলকৈ টান মাৰি নাকেমুখে ধোৱাঁ উলিয়াই চিলিমটো প্ৰথম ছেলালৈ পাৰ কৰে)।