গুৱাল৷— বাৰু, বাৰু, নকপোঁ, বুপাটি! (থৰক্-বৰক্কৈ) কি কম? সেই ভূতটোৱে—সেইটো মহ-যখ হব পায়—মোক গিলিপ মাৰি ধৰিলেহি। মই মূৰপোলোকা দি কথমপি হে এৰাই এইখিনি পাইছোঁহি, বুপাটি!
মুক্তি৷—বাৰু, তই যেতিয়া সৌখিনিত বহি কল্মটিয়াইছিলি, তেতিয়া তোৰ সপোন দেখা যেন লাগিছিল নে?
গুৱাল।—ওঁ, হয়, বুপাটি, হয় লাগিছিল।
মুক্তি৷—বাৰু, তেতিয়া তহঁতৰ মেনী মহজনী কোন্খিনিত আছিল?
গুৱাল৷— সৌখিনিত (হাত মেলি দেখুৱায়)। তাই ঠিক মোৰ পিঠিৰ পোনে-পোনে বেলি ওলোৱাৰ পিনে আছিল।
মুক্তি৷—আহচোন সেইখিনিলৈ যাওঁ। মই ভালকৈ চাওঁগৈ।
গুৱাল।—ওহুঁ, মই নেযাওঁ; তুমিয়েই যোৱা, বুপাটি। মই ইয়াৰপৰাই দেখুৱাম (ঠক্ঠক্কৈ কঁপে)।
মুক্তি।—বাৰু, আহোচোন আহ। কিহৰ ভয়, মই আছোঁ নহয়? (মুক্তিয়ে হাতত ধৰি টানি নিয়ে। গুৱাল কঁপি কঁপি চুঁচৰি যোৱাদি থৰক্-বৰক্কৈ যায়)।
গুৱাল।—তুমি মোৰ কাষৰপৰা নেযাবাঁ আকৌ?
মুক্তি।—বাৰু নাযাওঁ। তই আগৰ ঠাইতে আগৰ দৰে বহচোন।
গুৱাল।—(কাওবাওকৈ) এ-হে-এ, মই নোৱাৰোঁ বহিব। ভূতটোৱে আকৌ হেঁচা মাৰি ধৰিবহি!
মুক্তি।—নধৰে বাৰু, বহচোন। (হেঁচা মাৰি বহুৱাই মুক্তিয়ে গুৱালৰ পিচ্ফালে থিয় দি নিজৰ বাহু দুটা তুলি মহৰ শিঙ্গৰ দৰে ঘোৰ খুৱাই হেন্দোলনি দিয়ে)। কচোন বাৰু, আগত কি দেখিছ?