পৃষ্ঠা:ভূত নে ভ্ৰম.pdf/৩৮

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৯৪২
ভূত নে ভ্ৰম

মুক্তি।—কিনো হৈছে? কচোন বাৰু, ক। ইমানকৈ আতুৰ হৈছ নো কিয়? কোনোবাই কিবা কৰিলে নে কি?

গুৱাল।—বুপাটি! কিহবাই কিবা কৰিছে নে বুলি সোধাঁ। তেহে বিহাবলৈ চল লাগিব, বুপাটি। (বুকুত হাত দি ফোঁপাবলৈ ধৰে)৷

মুক্তি।—বাৰু, সুধিছোঁ সেই বুলিয়েই। কচোন, কিহে নো কি কৰিলে?

গুৱাল।—বুপাটি। মোক অকলে টঙ্গি-ৰখীয়া থৈ আনবোৰ গুৱাল মাছ খড়ি বিচাৰি দিহাদিহি গৈছে। মই অকলে অকলে মহ চৰাই থাকি, ভাগৰ লগাত, সৌখিনিতে বহি পৰিলোঁ। বহি বহি মহজাকৰ ফালে চাই আছিলোঁ। পিচে, বৰ ভাগৰে ধৰিলে। কালি ৰাতি ভাত খাবলৈকো নহল। ভোকত পেটে কল্‌মলাবলৈ ধৰিলে। চকুৰ আগত জলক্-তবক্ যেন লাগি আহিল। বহি থাকোঁতেই টোপনিয়ে চকু দুটা মুদাই নিবলৈ ধৰিলে। এনেতে,—ঔ। বুপাটি, ধৰাঁ ধৰাঁ মোক! ধৰিলেহিঔ! (মুক্তিৰ গাত গবামাৰি ধৰেগৈ)।

মুক্তি।—ভয় নকৰিবিচোন! মই আছোঁ, একো ভয় নাই। কৈ যা কি হল।—পিচে?

গুৱাল।—(টেলেকাটেলেকিকৈ) পিচে বুপাটি, বৰ ডাঙৰ,—ঔ বুপাই! বৰ শকত। বৰ ওখ! আমাৰ গোনা মহটো যেন শিং লগা কিবা এটাই ছঁয়াময়াকৈ আহি মোক হেঁচা মাৰি ধৰিলেহি৷—ঔ আই! মই তাৰ মূৰৰ ছাঁটো হে দেখিলোঁ! তাৰ শিংযোৰ বুপাই! আমাৰ মেনী মহ জনীৰ শিঙ্গতকৈও দীঘল-বহল! (কঁপিবলৈ ধৰে)।

মুক্তি।—বাৰু, কৈ যা। কৈ অন্ত কৰ। নকঁপিবিচোন। মই আছোঁ নহয়; ভয় নাই।