পৃষ্ঠা:ভূত নে ভ্ৰম.pdf/১২

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৯১৬
ভুত নে ভ্ৰম!

জালোৱা।— কেনেকৈ দেসিবা, বোপাটি! ভুত যে ময়াপী?

মুক্তি।— ভুত নো কি? ময়াপী আকৌ কেনেকুৱা? মইচোন আজিলৈকে কোনো ময়াপী ভূত দেখা নাই। দেখুৱাব পাৰ নে? পাৰ যদি মই বক্সিচ্ দিম।

জালোৱা।— থোৱাঁ থোৱাঁ, তোমাৰ খ্ৰীষ্টানী কথাবোৰ। ময়াপীক আকৌ দেসিবা কেনেকৈ? নেদেসা হবলৈ তো ময়াপী হয়। তেনেবোৰ কাণত নোখোমোৱা কথা নকবা দেও হে। লেখা-পঢ়া শিকি তোমোলাকৰ বুধিবোৰ উলটিছে যেন দেসিছোঁ!

হালোৱা।— বাপাটি! নেজানা নে, দেও-ভুত বুলিলে থিতাতে ওলায়, থিতাতে লুকায়। সেই গুণে সেইবোৰক ময়াপী বোলে। কলিকতালৈকে পঢ়িও ইমানটো কথাকে নেজানা নে? দৌতাৰৰ ধনবোৰ মিছাতে ভাঙ্গিলাগৈ, নহয়?

মুক্তি।— অ, তহঁতক এতিয়া কিবা দেও-ভুতে পাইছে নে কি?

জালোৱা।— আকৌ নো কি? বেলে, “কওঁতেই কলা যঁতৰতে শলা”!

হালোৱা। — সেই দেখি তো কৈছোঁ, বোলোঁ এতিয়া আৰু ভয় নাই, বোপাৰে সৈতে আমি তিনটা হলোহঁক বাপেকে।

মুক্তি।— (মনতে) হাঁয়, কি ঘোৰ অন্ধবিশ্বাস! কি বিষম ভ্ৰম! ভুত বিশ্বাসে আমাৰ গাওঁ ডুবালে! কেনেকৈ উদ্ধাৰ কৰা যায়? (ফুটাই) বাৰু, বিতত্ নহবিচোনহঁক। মোক ভুত এটা এদিন দেখুৱাব পাৰিবিনেহঁক?

জালোৱা।— কিয়। আজিয়েই পাৰিলোহেঁতেন নহয়। অসম্ভকৰ আগতে মোক যিটো হে জলবাঁকে লগ পাইছিল! কিনে কম বোপাটি! দেসা হলে বিচুৰ্ত্তি হলাহেঁতেন।