এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪
[প্রথম অঙ্ক
ভীষ্মৰ শৰ-শয্যা
দুৰ্য্যোধন— | কৃষ্ণই ইয়াকে কৈছিলনে? মোৰ কেতিয়াও |
বিশ্বাস নহয় ৷ ধানত চাউল আছে বুলি সকলোৱে জানে। | |
সচা কথা কোৱা, কোনো ভয় নাই । | |
অশ্বত্থামা— | মহাৰাজ, মই মিছা কোৱা নাই, যি কৈছোঁ সচাহে |
কৈছোঁ। | |
কৰ্ণ – | বাৰু অ.’ হেৰ বামুণ, নিশ্চয় তই পাণ্ডবৰ কিবা ভেটী |
খাইছ। সিহঁতৰ সৈতে মিতিৰালি পাতছ । কি কাণত | |
নোসোমোৱা কথাবোৰ কবলৈ আহিছ ? তোৰ ভয় নাইনে? | |
তিল, কুশ, ভোজনীৰ হিচাব জনা মানুহে কি যুদ্ধ-বিগ্ৰহৰ | |
আওভাও পাবি? তোৰ গতি বেয়া দেখিছোঁ দেই। | |
দুৰ্য্যোধন – | কি চাই আছা, ইয়াক ইয়াৰপৰা বাহিৰ কৰা, মিছলীয়া |
ব্রাহ্মণক দেখিব নেপায়। ( অশ্বত্থামা বাহিৰলৈ যায় ) | |
এতিয়া কি কৰ৷ যায় — পিতামহৰ ওৰলৈকে যোৱা যাওক ৷ | |
তেখেতক সেনাপতি কৰাহে ভাল যেন দেখিছোঁ। নহলে | |
আৰু অইন কোন হ’ব! |
দ্বিতীয় দৃশ্য
ভীষ্মৰ কোঠা
ভীষ্ম – | দুর্য্যোধনক ইমানকৈ বুজালে৷ তেও সি নুবুজিলে। |
মৃত্যু ওচৰ চাপিলে সৎপৰামৰ্শই কি কৰিব। কৌৰৱৰ | |
বংশত তৰ্পণ দিবলৈকো কোনো নেথাকিব !ফলত সেয়েহে | |
হব যেন দেখিছোঁ। |