এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২
প্রথম অঙ্ক
ভীষ্মৰ শৰ-শয্যা
শ্ৰীকৃষ্ণ— | আমি যুধিষ্ঠিৰৰ দূত হৈহে ইয়ালৈ আহিছোঁ। |
যুধিষ্ঠিৰে কৈছে, পাশ৷ খেলি ৰাজ্য, ধন ঐশ্বৰ্য্য সকলো | |
নষ্ট হৈ বাৰ বছৰ বনত ফুৰিলো ৷ পাঁচ ভাইৰ | |
কৰিণে মাত্র পাঁচখন গাওঁ বিচাৰিলোঁ। দুৰ্য্যোধনে কলে, | |
বিনাযুদ্ধে এখনো গাওঁ দিব নোৱাৰোঁ। কিন্তু এতিয়া | |
আকৌ কৈছোঁ যে পাঁচ ভাইক মাত্র পাঁচখন গাওঁ | |
দিয়ক। যুদ্ধ কৰি জ্ঞাতি বধৰ ইচ্ছা নকৰাই শ্রেয়। | |
যদি তাকে নকৰে আমাৰ গাত দোষ নাই। (অলপ | |
ইফালে সিফালে চাই অশ্বত্থামাক ওচৰলৈ মাতি আনে। ) | |
তুমি সেনাপতি হৈছা বুলি শুনিছোঁ৷ পঞ্চপাণ্ডৱে তোমাৰ | |
লগত কি যুজ কৰিব । তোমাৰ আগত এই পৃথিবীৰ | |
কোনো বীৰ ঠিয় হব নোৱাৰে। দুৰ্য্যোধনে বাছি বাছি | |
উপযুক্ত জনক এই গুৰু ভাৰ অৰ্পণ কৰিছে। অ’ এটা | |
কথা ( কাণৰ ওচৰত ফুচফুচাই ) ধানত চাউল আছে | |
পত৷নত কি আছে ( এই বুলি কৈ ভীষ্মৰ ফালে চাই | |
কবলৈ ধৰে ) পিতামহ ! আপুনি কুৰুকুলৰ এজন বৃদ্ধ, | |
দুয়োঘৰকে মিলাব পাৰোঁ বুলি দূত হৈ আপোনাৰ | |
ওচৰলৈ আহিছোঁ। মোৰ দুয়োঘৰ কুটুম। দুয়োঘৰ | |
মিলেৰে থাকিলে পৰম সন্তোষ পাম।(পুনৰ অশ্বত্থামাৰ | |
কাণৰ ওচৰত মুখ দি ) — “ধানত চাউল আছে পতানত | |
কি আছে” ( ফুটাই ) কোৱ৷ কোনে৷ ভয় নকৰিবা | |
( অলপ ৰৈ ) বাৰু নোকোৱ৷—আশঙ্কা কৰিছা, থাক৷ ৷ |